ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?

ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?

ডিজিটেল সংবাদ ;কামপুৰঃ প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ নামত নগাঁও আৰু মৰিগাঁও জিলাত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।ইতিমধ্যে এই কেলেংকাৰীৰ লগত জড়িত থকা অভিযোগত কেইবাজনো লোকক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড হিচাপে চিনাক্ত হৈছিল কচুৱা থানাৰ অন্তৰ্গত লংজাপ খেৰনী গাঁৱৰ জিয়াবুৰ ৰহমান । গ্ৰেপ্তাৰৰ পিছত জিয়াবুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত কচুৱাৰ চানাখোলাৰ চাইফুল ইছলাম নামৰ আন এজন লোকৰ নাম পোহৰলৈ আহিছে।

নগাঁও জিলা পৰিষদৰ ২ নং কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলামে বৰ্তমান পলাতক হৈ থকা বুলি জনা গৈছে।পূৰ্বে সংখ্যাৱঘূ ছাত্ৰ বৃত্তি ধনত কোটি কোটি জালিয়তি কৰাৰ অভিযোগ থকা জিয়াবুৰ -চাইফুল হৈছে ৰহা সমষ্টিৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশী কান্ত দাসৰ ৰাজনৈতিক সংগী।এইকথা বিধায়ক জনে নিজে স্বীকাৰ কৰিছে।

জানিব পৰা মতে নিৰ্বাচনৰ সময়ত বিধায়ক শশী কান্ত দাসক সহায় কৰিছিল জীয়াবুৰ আৰু চাইফুলে।শশী কান্ত দাসৰ নিৰ্বাচনী এজেণ্ট আছিল দুয়োজন।জীয়াবুৰ বিধায়ক জনৰ বহু ঘৰুৱা কামতো সহায় কৰিছিল বুলি শশী কান্ত দাসে নিজে স্বীকাৰ কৰিছে।

বিধায়ক জন জয়ী হৈ অহাৰ পিছতো বিধায়কৰ আশে-পাশে আছিল এই জীয়াবুৰ আৰু চাইফুল।অভিযোগ উঠামতে মাত্ৰ সাত বছৰ পূৰ্বে এখন ভঙা চাইকেল লৈ ঘূৰি ফুৰা চানখোলা গাঁৱৰ ছাইফুল ইছলাম সম্প্ৰতি কেইবা কোটি টকাৰ মালিক হোৱাত সন্দেহ উপজিছে বহুজনৰ।

অভিযোগ অনুসৰি বিভিন্ন ভুৱা বিদ্যালয় আৰু বহু স্বাৰ্থলোভী প্ৰধান শিক্ষকৰ লগত গোপন বুজাবুজিৰে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা সৰকাই লৈছিল লক্ষ লক্ষ টকা ৷ হাজাৰ হাজাৰ ভুৱা বেংক একাউন্ট তথা নিজৰ আঙুলিৰ চাপত লেন-দেন হোৱা শ্ৰমিকৰ জবকাৰ্ড একাউন্টৰ যোগেদি সৰকাই আহিছিল সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ ধন ৷

পলাতক কচুৱা জিলা পৰিষদ সদস্য চাইফুল ইচলামে ২০২২ বৰ্ষৰ ৫ ছেপ্তম্বৰত কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰে।

নিজৰ অপকৰ্মৰ পৰা হাত সাৰিবৰ বাবেই চাইফুল ইছলামে শাসনাধিষ্ঠ বি জে পি দলৰ মিত্ৰ দল অসম গণ পৰিষদত যোগদান কৰা বুলি দলীয় কৰ্মী সকলে অভিযোগ কৰিছে।এই চাইফুল ইছলাম গ্ৰেপ্তাৰৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে।

আমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামে সংখ্যালঘু ছাত্র বৃত্তি আৰু প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ দুৰ্নীতি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত এই দুয়োটা আঁচনিত ব্যাপক আনিয়ম হোৱাৰ অভিযোগ আমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামৰ।

এই দুয়োটা আঁচনিত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে সংগঠনটিয়ে মৰিগাঁও আৰক্ষীৰ জালত পৰা কেলেংকাৰীৰ মূল অভিযুক্ত কচুৱাৰ জিয়াবুৰ ৰহমান আৰু ছাইফুল ইছলামক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

পলাতক ছাইফুল ইছলামৰ লগতে ইয়াৰ লগত জড়িত অন্যান্য সকলকো গ্ৰেপ্তাৰৰ দাবী জনায়।নজৰুল ইছলামে বহু ভুৱা বিদ্যালয়ৰ তথ্য দি সংখ্যালঘু ছাত্ৰ বৃত্তিত ব্যাপক জালিয়াতি কৰাৰো অভিযোগ তোলাৰ লগতে জীয়াবুৰ -ছাইফুলৰ ঘণিষ্ঠ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসকো তদন্তৰ আওতালৈ অনাৰ ওপৰিও সমগ্ৰ ঘটনাৰাজি মুখ্য মন্ত্ৰীৰ অপৰাধ আনুসন্ধান শাখাৰ জৰিয়তে তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰো দাবী জনাইছে ।

কিন্তু সৰ্বত্ৰে এতিয়া প্ৰশ্ন উঠিছে কাৰ পৃষ্ঠপোষকতাত আৰু ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?অসম আৰক্ষীয়ে তৎকালে গ্ৰেপ্তাৰ কৰিব পাৰিবনে চাইবাৰ অপৰাধী চাইফুল ইছলামক ?



ক'ত হেৰাল কচুৱা জিলা পৰিষদৰ সদস্য চাইফুল ইছলাম ?
হিন্দু যুৱকক হত্যা, লালকিল্লাত আক্ৰমণ, সাধু সকলক হত্যা! ISI কাক দিছিল দায়িত্ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in