গ্ৰেপ্তাৰ হ'ল ইমাৰন খানঃ আদালতে বিহিলে ৩ বছৰৰ কাৰাদণ্ড...

গ্ৰেপ্তাৰ হ'ল ইমাৰন খানঃ আদালতে বিহিলে ৩ বছৰৰ কাৰাদণ্ড...

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ল ইমৰান খান ! ৰণক্ষেত্ৰলৈ পৰিণত ন্য়ায়ালয় চৌহদ...

গ্ৰেপ্তাৰ হ'ল ইমাৰন খানঃ আদালতে বিহিলে ৩ বছৰৰ কাৰাদণ্ড...

ডিজিটেল ডেস্কঃ শনিবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড বিহিলে জিলা আৰু দায়াৰ আদালতে। ইয়াৰোপৰি ইমৰান খানক ১ লাখ টকাৰ জৰিমণাও বিহিছে। ১ লাখ টকাজৰিমণা হিচাপে আদায় নিদিলে তেওঁ অতিৰিক্ত ভাৱে ৬ মাহ জেল খাটিব লাগিব। পূৰ্বৰ পাক প্ৰধানমন্ত্ৰীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে পাকিস্তানৰ এখন উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ক স্থগিত ৰাখি নতুনকৈ ৰায় দিব বুলি জানিব পৰা গৈছিল। কিন্তু শনিবাৰেই তেওঁক শাস্তি ঘোষণা কৰা হ'ল।

ইমৰান খান যে বিপদত পৰিব তাৰ ইংগিত পূৰ্বেই লাভ কৰিছিল। ফৌজদাৰী গোচৰৰ পৰা পৰিত্ৰাণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তেওঁ। বুধবাৰে তেওঁৰ সেই আৱেদন খাৰিজ কৰে পাকিস্তানৰ শীৰ্ষ আদালতে।

পাক উচ্চতম ন্যায়ালয়ৰ দুই সদস্যৰ বেঞ্চৰ বিচাৰপতি ইয়াইয়া আফ্ৰিদিয়ে জনাইছে, নিম্ন আদালতত চলি থকা বিষয়টোত শীৰ্ষ আদালতে হস্তক্ষেপ নকৰে। পিটিআইৰ প্ৰধান ইমাৰন খানৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈ আছে।

যাৰ ভিতৰত তোষাখানা গোচৰ আছিল অন্যতম। এই গোচৰতে দোষী সাব্যস্ত কৰি ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ২০১৮ চনৰ পৰা ২০২২ পৰ্যন্ত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়ত পদৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ইমৰান খানৰ বিৰুদ্ধে।

প্ৰধানমন্ত্ৰী হিচাপে পোৱা উপহাৰ সামগ্ৰী চৰকাৰী ভাণ্ডাৰ বা তোষাখানাত জমা নকৰি বিপুল অৰ্থৰ বিনিময়ত বিক্ৰী কৰি দিছিল তেওঁ। পাকিস্তানৰ আইন অনুসৰি বিভিন্ন ৰাষ্ট্ৰপ্ৰধানে যি উপহাৰ দিয়ে সেয়া পাক তোষাখানত জমা কৰি ৰাখিব লাগে।

Also Read: নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...

পাকিস্তান ইমাৰন খান