নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...

নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...
নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...

ডিজিটেল ডেস্কঃ চন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি তথা আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনৰ দিনটোতে 'চন্দ্ৰযান-৩' চন্দ্ৰৰ কক্ষপথত সোমাই পৰিব। পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰিসৰৰ পৰা ইতিমধ্যে আঁতৰি যোৱা 'চন্দ্ৰযান-৩' শনিবাৰে সন্ধিয়া চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব বুলি ইছৰোৰ ফালৰ পৰা কোৱা হৈছে।

ইয়াৰ পাছতে এতিয়া লাহে লাহে পাক খাই খাই 'চন্দ্ৰযান-৩' ৰ গতি হ্ৰাস হৈ চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বলৈ আহিব। ইয়াৰ পৰাই আৰম্ভ হ'ব ইছৰোৰ 'চন্দ্ৰযান-৩' ৰ কঠিন পৰ্ব।

অহা ২৩ আগষ্টৰ সন্ধিয়া ভাৰতীয় সময় অনুসৰি ৫ বাজি ৪৭ মিনিটৰ লগে লগে লেণ্ডাৰ বিক্ৰমৰ পেটৰ ভিতৰৰ পৰা ৰ'ভাৰ প্ৰজ্ঞানক বাহৰিলৈ উলিয়াই অনা হ'ব। তাৰ পৰাই এটা চৰাইৰ পাখিৰ দৰে লাহে লাহে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা হ'ব।

চাৰি বছৰ পূৰ্বে ঠিক এই পৰ্যায়তে ব্যৰ্থ হৈছিল ইছৰোৰ 'চন্দ্ৰযান-২'ৰ অভিযান। বিগত ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ লাঞ্চিং পেডৰ পৰা সফল উৎক্ষেপণ হৈছিল চন্দ্ৰযান-৩।

ইতিমধ্যে মুঠ ৫ বাৰ সফলভাৱে কক্ষপথ পৰিবৰ্তন কৰিছে ইছৰোৰ এই মহাকাশযানখনে। ইছৰোৰ সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ অনুসৰি শনিবাৰে সন্ধিয়া ৭ টা কক্ষপথ সলনি কৰি চন্দ্ৰৰ মধ্যাকৰ্ষণৰ আওঁতালৈ সোমাই যাব 'চন্দ্ৰযান-৩'।

কিন্তু চূড়ান্ত সফলতাৰে পাৰ কৰিব লাগিব আৰু কেইবাটাও পথ। যদি চন্দ্ৰৰ দক্ষিণ মেৰুত 'চন্দ্ৰযান-৩' ৰ লেণ্ডাৰ বিক্ৰম সফলভাৱে চন্দ্ৰৰ ভূপৃষ্ঠ স্পৰ্শ কৰিব পাৰে আৰু ৰভাৰ প্ৰজ্ঞানক সঠিকভাৱে অৱতৰণ কৰিব পাৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানে এক নতুন মাত্ৰা লাভ কৰিব।

বিগত এটা দশকত চীনৰ পাছত আৰু কোনো দেশৰ মহাকাশযান সফলভাৱে চন্দ্ৰত অৱতৰণ কৰাৰ উদাহৰণ নাই। আমেৰিকা, ৰাছিয়া, চীনৰ পাছত ভাৰত চতুৰ্থ দেশ হিচাপে এই তালিকাত স্থান লাভ কৰিব।

বিশেষজ্ঞসকলৰ মতে অংকৰ ভুলত যদি কিবা কাৰণত 'চন্দ্ৰযান-৩' শেষ পৰ্যন্ত চন্দ্ৰৰ কক্ষপথত পাবগৈ নোৱাৰেও তেন্তে 'চন্দ্ৰযান-৩' পুনৰ ঘূৰি আহিব পৃথিৱীৰ কক্ষপথলৈ। কিন্তু পুনৰ চন্দ্ৰৰ কক্ষপথলৈ ঘূৰাই পঠিয়াব নোৱাৰিব।

সেই ফালৰ পৰা 'চন্দ্ৰযান-৩' ক লষ্ট মিচন বা 'ব্যৰ্থ অভিযান' বুলি ধৰা হ'ব। বিজ্ঞানীসকলে পুনৰ 'চন্দ্ৰযান-৩' ক ঘূৰাই আনিবলৈ চেষ্টা কৰিব।  

নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতেই চন্দ্ৰত 'চন্দ্ৰযান-৩'...
''আজি নতুবা কালিলৈ সত্যৰ জয় হ'বই''

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in