Advertisment

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ পুথিচিত্ৰ প্ৰদৰ্শন....

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ পুথিচিত্ৰ প্ৰদৰ্শন....

author-image
Asomiya Pratidin
New Update
লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ পুথিচিত্ৰ প্ৰদৰ্শন....

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ শিল্পীৰ পুথিচিত্ৰ প্ৰদৰ্শন....

ডিজিটেল সংবাদ নগাঁও: ভাৰতৰ 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত প্ৰদৰ্শিত হৈছে সাঁচিপাতত অঁকা পুথিচিত্ৰৰ লগতে কেনভাচত পুথিচিত্ৰ শৈলীত অংকিত কেইবাখনো চিত্ৰ ।

Advertisment

দেশ-বিদেশত পুথিচিত্ৰ প্ৰদৰ্শন কৰা অসমৰ পুথিচিত্ৰ শিল্পী নগাঁৱৰ সুজিত দাসে অংকন কৰা পুথিচিত্ৰই লণ্ডনৰ 'নেহেৰু চেন্টাৰ'ত অনুষ্ঠিত চিত্র প্ৰদৰ্শনীত স্থান পাইছে। শিল্পীগৰাকীয়ে ইতিমধ্যে সময়ৰ লগত খাপ খুৱাই পুথিচিত্ৰত নিজৰ সুকীয়া চিন্তাধাৰাৰে নতুন বিষয়-বস্তুৰ সংযোজন কৰি পুথিচিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

এই প্ৰদৰ্শনীত সুজিত দাসৰ লগতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অসমৰ চিত্ৰশিল্পী মিন্টু ডেকা, প্ৰদীপ নাথ, মুকুল দুৱৰাৰ পেইণ্টিঙো প্ৰদৰ্শিত হৈছে । সুজিত দাস নগাঁও চহৰৰ কৃষ্ণাহল চাৰিআলিৰ বাসিন্দা ৷

নিজা বাসভৱনতে আৰ্ট ভিলেজ স্হাপন কৰি শিল্প কলা সাধনাৰ কাম কৰি আহিছে ৷ শিল্পী সুজিত দাসৰ চিত্ৰ ইতিমধ্যে বিশ্বৰ প্ৰায় ত্ৰিশখন দেশত প্ৰদৰ্শিত হৈছে ৷

Also Read: প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে বিজেপি সভাপতিক মাজনিশা চোচৰাই নিলে আৰক্ষীয়ে...

লণ্ডন চিত্ৰ প্ৰদৰ্শনী