অস্কাৰ সন্মান ঘোষণা : ‘অপেনহাইমাৰ’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

শ্রেষ্ঠ চলচ্চিত্র পৰিচালকৰ খিতাপ লাভ কৰিছে ক্রিষ্ট’ফাৰ ন’লানে। শ্রেষ্ঠ অভিনেত্রীৰ সন্মানেৰে সন্মানিত হৈছে এমা ষ্ট’ন
অস্কাৰ সন্মান ঘোষণা : ‘অপেনহাইমাৰ’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল ৯৬সংখ্যক অস্কাৰ সন্মান। বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰসমূহক সামৰি দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ দলভী থিয়েটাৰত অস্কাৰ সন্মান প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

বিভিন্ন প্ৰান্তৰ ছবিসমূহে বিভিন্ন শিতানত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'লে সেই ছবিসমূহলৈ আগঢ়োৱা হয় চলচ্চিত্ৰজগতৰ সৰ্বোচ্চ সন্মান হিচাপে গন্য কৰা অস্কাৰ সন্মান। যি সন্মান লাভ কৰিবলৈ চিনেমাৰে জড়িতসকলৰ থাকে দুৰ্বাৰহ হেঁপাহ।

উল্লেখ কৰা প্ৰয়োজন যে, চলচ্চিত্ৰৰ বিভিন্ন শিতানত পাৰদৰ্শিতাৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা ই এক আমেৰিকাৰ বাৰ্ষিক বঁটা। সেয়ে বিশ্বৰ ভালেসংখ্যক ছবিক সামৰি ঘোষণা কৰা হৈছে এইবৰ্ষৰ অস্কাৰ সন্মান তথা একেডেমি বঁটা

সেই অনুসৰি এই বৰ্ষত ভালেসংখ্যক ছবি অস্কাৰ সন্মানেৰে সন্মানিত হ'বলৈ সক্ষম হৈছে। ঘোষণা কৰা অনুসৰি,‘অপেনহাইমাৰে’ লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। ৰবাৰ্ট ডাউনী জুনিয়ৰে লাভ কৰিছে তেওঁৰ প্রথমটো অস্কাৰ বঁটা।

ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ খিতাপ লাভ কৰে। ‘অপেনহাইমাৰ’ ছবিৰ বাবে এই বঁটা ৰবাৰ্ট ডাউনী জুনিয়ৰলৈ। ইয়াৰোপৰি 'অপেনহাইমাৰ’ ছবিখনে শ্রেষ্ঠ চিত্রনাট্যৰ শিতানতো লাভ কৰিছে বঁটা।

আনহাতে শ্রেষ্ঠ চিনেমেট’গ্রাফী চলচিত্রৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ‘অপেনহাইমাৰে’। শ্রেষ্ঠ চলচ্চিত্র পৰিচালকৰ খিতাপ লাভ কৰিছে ক্রিষ্ট’ফাৰ ন’লানে। শ্রেষ্ঠ অভিনেত্রীৰ সন্মানেৰে সন্মানিত হৈছে এমা ষ্ট’ন লগতে শ্রেষ্ঠ অভিনেতাৰ খিতাপ চিলিয়ান মৰ্ফিনলৈ আগবঢ়োৱা হৈছে।

ইয়াৰোপৰি সম্পূৰ্ণ তালিকাখন তলত উল্লেখ কৰা হ'ল

শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী : ডা'ভাইন জয় ৰেণ্ডলফ, "দ্য হোল্ডঅভাৰচ"

শ্ৰেষ্ঠ এনিমেটেড ছবিঃ(চুটি) : "ৱাৰ ইজ অ'ভাৰ"

শ্ৰেষ্ঠ এনিমেটেড পূৰ্ণদৈৰ্ঘ্যৰ ছবি : "দ্য বয় এণ্ড দ্য হেৰন"

শ্ৰেষ্ঠ চিত্ৰনাট্য : “এনাট'মি অৱ এ ফল”

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: "আমেৰিকান ফিক্সন”

শ্ৰেষ্ঠ ৰূপসজ্জা আৰু কেশসজ্জা : “পোৰ থিংছ”

শ্ৰেষ্ঠ প্ৰডাক্টচন ডিজাইন: “পোৰ থিংছ”

শ্ৰেষ্ঠ পোছাক ডিজাইন: "পোৰ থিংছ"

শ্ৰেষ্ঠ আন্তৰ্জাতিক ছবি: "দা জ'ন অৱ ইণ্টাৰেষ্ট"

শ্রেষ্ঠ সহঃ অভিনেতা: ৰবাৰ্ট ডাউনী জুনিয়ৰ

শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট : গডজিলা মাইনাছ ৱান”

শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা: "অপেনহাইমাৰ"

শ্ৰেষ্ঠ তথ্যচিত্ৰ (চমু বিষয়): "দ্য লাষ্ট ৰিপিয়াৰ শ্বপ"

শ্ৰেষ্ঠ তথ্যচিত্ৰ : "২০ ডেইজ মাৰিয়পোল"

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী : "অপেনহাইমাৰ"

শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ (লাইভ একচন ) : " দা ৱাণ্ডাৰফুল ষ্ট'ৰী অৱ হেনৰী চুগাৰ"

শ্ৰেষ্ঠ শব্দ : "দা জ'ন অৱ ইণ্টাৰেষ্ট"

শ্ৰেষ্ঠ সংগীত : "অপেনহাইমাৰ"

শ্ৰেষ্ঠ গীত : "হোৱাট ৱাজ আই মেড ফৰ"

শ্ৰেষ্ঠ অভিনেতা : চিলিয়ান মাৰ্ফি, "অপেনহাইমাৰ"

শ্ৰেষ্ঠ পৰিচালক : ক্ৰিষ্টোফাৰ নোলান, "অপেনহাইমাৰ"

শ্ৰেষ্ঠ অভিনেত্ৰী : এমা ষ্টোন, "পোৰ থিংছ"

শ্ৰেষ্ঠ ছবি: "অপেনহাইমাৰ"

সামগ্ৰীকভাৱে এয়াই ২০২৪ বৰ্ষৰ বাবে অস্কাৰ সন্মান লাভ কৰা ছবি।

অস্কাৰ সন্মান ঘোষণা : ‘অপেনহাইমাৰ’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান
কেবিনেট বৈঠক : ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকা অনুমোদন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in