কেবিনেট বৈঠক : ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকা অনুমোদন

বিদ্যুৎ সংযোগৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ৯৫৫ কোটি টকা।
কেবিনেট বৈঠক : ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকা অনুমোদন

ডিজিটেল ডেস্ক : জনতা ভৱনত শনিবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে।

কেবিনেট বৈঠকত লোৱা কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে-

  • ১৩ মাৰ্চত জাগীৰোডত হ’ব লগা ছেমিকণ্ডাক্টৰ প্রকল্পৰ শিলান্যাস।

  • ভাৰ্চুৱেলী প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কৰিব এই শিলান্যাস।

  • কিৰণচেক সম্প্রদায়ৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাত অনুমোদন।

  • কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে ৬৭৪.৮১ কোটি টকাৰ অনুমোদন।

  • ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকাৰ অনুমোদন।

  • আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে ৩৮০.৬৬ কোটি টকাৰ অনুমোদন জনোৱা হয়।

  • বিদ্যুৎ সংযোগৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ৯৫৫ কোটি টকা।

  • বিদ্যুৎ সংযোগ নথকা গৃহলৈ বিদ্যুৎ সংযোগ কৰিব ৰাজ্য চৰকাৰে।

কেবিনেট বৈঠক : ৰংঘৰৰ সৌন্দৰ্য প্রকল্পৰ বাবে ১৩১.৭১ কোটি টকা অনুমোদন
বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in