অৰ্ধশতকৰ ঘৰত গাজাত মৃত সাংবাদিকৰ সংখ্যা

অৰ্ধশতকৰ ঘৰত গাজাত মৃত সাংবাদিকৰ সংখ্যা

author-image
Asomiya Pratidin
New Update
অৰ্ধশতকৰ ঘৰত গাজাত মৃত সাংবাদিকৰ সংখ্যা

ডিজিটেল ডেস্ক : যোৱা ৭ অক্টোবৰৰ পৰা গাজা অঞ্চলত ইজৰাইল আৰু হামাছৰ মাজত চলি আছে তুমুল সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত এতিয়ালৈকে ৫০গৰাকী সাংবাদিক মৃত্যুমুখত পৰিছে।

Advertisment

কমিটী টু প্ৰজেক্ট জাৰ্নালিষ্ট নামৰ সংগঠনটোৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। সংগঠনটোৱে সদৰী কৰামতে যুদ্ধৰ প্ৰথম দিনাই গাজাত ৬জন সাংবাদিকে প্ৰাণ হেৰুৱাইছিল।

এতিয়ালৈকে ১১জন সাংবাদিক এই যুদ্ধত আহত হোৱাৰ বিপৰীতে ৩জন সন্ধানহীন হৈ আছে। ইফালে এই যুদ্ধত সাংবাদিক মৃত্যুৰ সংখ্যাই অৰ্ধশতকৰ ঘৰ অতিক্ৰম কৰিছে।

Also Read: বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী

Gaza Journalists