বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী

যিগৰাকী অভিনেতাৰ ছবি চোৱাৰ বাবে ছবিগৃহলৈ দূৰ-দূৰণিৰ পৰা দৰ্শক আহিছিল গাড়ী ভাড়া কৰি।
বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী
বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী

ডিজিটেল ডেস্ক : বোৱাৰী, অপৰূপা,ডা০ বেজবৰুৱা,বাৰুদ,অগ্নিসাক্ষী আদি অসমীয়া ছবিত তেওঁ কৰা অভিনয়ৰ কথা কোনে পাহৰিব পাৰিব ! যিগৰাকী অভিনেতাৰ ছবি চোৱাৰ বাবে ছবিগৃহলৈ দূৰ-দূৰণিৰ পৰা দৰ্শক আহিছিল গাড়ী ভাড়া কৰি। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী তিথি।

আজিৰ দিনটোতে অসমবাসীক কন্দুৱাই সংস্কৃতিৰ বৰপথাৰ উকা কৰি অজান মূলুকলৈ গুচি গৈছিল মহাতাৰকা বিজু ফুকন। ২০১৭ চনৰ ২২ নৱেম্বৰৰ দিনা আহিছিল সেই দুঃখবৰটো। জীৱনৰ ৭০টা বসন্ত অতিক্ৰম কৰি বিজু ফুকনে মেলানি মাগিছিল। যোৱাৰ পৰত অসমবাসীৰ বাবে এৰি থৈ গৈছিল অভিনয়ৰ মেটমৰা সম্ভাৰ।

উল্লেখ্যে যে অভিনেতাগৰাকীয়ে ১৯৪৭চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল। ডা০ বেজবৰুৱা ছবিৰ যোগেদি অসমীয়া ছবিত অভিনয়ৰ পাতনি মেলিছিল বিজু ফুকনে। আনহাতে নায়ক হিচাপে তেওঁ অৰ্ধশতাধিক ছবিত অভিনয় কৰি দৰ্শকৰ মনত আজিও সুকীয়া আসন দখল কৰি আছে।

বিশিষ্ট অভিনেতা বিজু ফুকনৰ আজি মৃত্যু বাৰ্ষিকী
আদালতৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in