/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/979208cf-0935-4b9c-a431-252c327d693a/kim_16.jpg)
অস্ত্ৰৰ ৰাগিত মাতাল উত্তৰ কোৰিয়া ! পুৱাই বেলিষ্টিক মিছাইল উৎক্ষেপণ...
ডিজিটেল ডেস্কঃ পুনৰ বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিলে উত্তৰ কোৰিয়াই। বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰখন দীৰ্ঘ দূৰত্বৰ এক বেলিষ্টিক মিছাইল সফলতাৰে উৎক্ষেপণ কৰাৰ খবৰ প্ৰকাশ পাইছে।
দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য কৰ্মচাৰীয়ে এই কথা নিশ্চিত কৰিছে। তেওঁ এই সন্দৰ্ভত কয় কোৰিয়া উপদ্বীপৰ পূব উপকূলৰ পানীত এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে।
উল্লেখ্য যে, যোৱা ১৮ ফেব্ৰুৱাৰীত উত্তৰ কোৰিয়াই আন এক দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল সফলতাৰে উৎক্ষেপণ কৰিছিল। এমাহ নৌহওতেই পুনৰ ৰাষ্ট্ৰখনে আন এক বেলিষ্টিক মিছাইলৰ উৎক্ষেপণ কৰা কাৰ্যই এতিয়া বিশ্ব জুৰি চৰ্চা লাভ কৰিছে।
চলিত ২০২৩ ত এই পৰ্যন্ত দেশখনে মুঠ চাৰিবাৰ বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছে।
Also Read: পুৱাই আহিল ৭.১ প্ৰাবল্যৰ ভূমিকম্প...