পুৱাই আহিল ৭.১ প্ৰাবল্যৰ ভূমিকম্প...

পুৱাই আহিল ৭.১ প্ৰাবল্যৰ ভূমিকম্প...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই আহিল ৭.১ প্ৰাবল্যৰ ভূমিকম্প...

ডিজিটেল ডেস্কঃ পুৱাই এটা ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ নিউজিলেণ্ড। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা আছিল ৭.১।

Advertisment

এই ভূমিকম্পৰ ফলত চুনামিৰ সতৰ্কবাণী দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থল মাটিৰ পৰা ১০ কিলোমিটাৰ তলত।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তুৰস্ক আৰু চিৰিয়াত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংস্তূপলৈ পৰিণত কৰছিল। পৰৱৰ্তীসময়ত ধাৰাবাহিক ভাৱে কম প্ৰাবল্যৰ আন কেইবাটাও ভূমিকম্পই দুয়োখন দেশত ভয়ংকৰ ক্ষতি সাধন কৰিছিল।

ফলত এই দুয়োখন দেশত মৃতকৰ সংখ্যাই ৫০ হাজাৰৰ সীমা স্পৰ্শ কৰিছিল। গৃহহীন হৈছে আন বহু হাজাৰ হাজাৰ লোক। আঘাতপ্ৰাপ্তৰ সংখ্যাৰ কোনো হিচাপ নাই।

Also Read: কেনে হ'ব বাজেট!

ভূমিকম্প