বিশ্ব শান্তি সম্ভৱ নে ? জাপান-দক্ষিণ কোৰিয়াৰ সন্মিলনৰ পূৰ্বে পুনৰ মিছাইল নিক্ষেপন উত্তৰ কোৰিয়াৰ

বিশ্ব শান্তি সম্ভৱ নে ? জাপান-দক্ষিণ কোৰিয়াৰ সন্মিলনৰ পূৰ্বে পুনৰ মিছাইল নিক্ষেপন উত্তৰ কোৰিয়াৰ

ডিজিটেল ডেস্ক : আৰু কিছু সময় পাছতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি আৰু জাপানৰ প্ৰধানমন্ত্ৰী মিলিত হ'ব এক বৈঠকত । এই বৈঠকত বহু গুৰুত্বপূৰ্ণ আলোচনাৰ সৈতেই মুখ্য আলোচিত বিষয় হ'ব উত্তৰ কোৰিয়াৰ ক্ৰমাৎ বৃদ্ধি পাই অহা আগ্ৰাসন । চুবুৰীয়া সীমান্তৱৰ্তী ৰাষ্ট্ৰসমূহলৈ সঘনাই মিছাইল আৰু ড্ৰ'নৰ সহায়ত চলাই অহা আক্ৰমণে যেন অতি শীঘ্ৰই অন্য ৰূপ ধাৰণ কৰিব পাৰে । কিন্তু তাৰ পাছতো কানসাৰ নাই উত্তৰ কোৰিয়াৰ ।

এই বৈঠকৰ কিছু ঘন্টা পূৰ্বে পুনৰ একেই কাণ্ড সংঘটিত কৰিলে উত্তৰ কোৰিয়াই । উত্তৰ কোৰিয়াই পূব দিশলৈ লক্ষ্য কৰি নিক্ষেপ কৰে এক বেলিষ্টিক মিছাইল । এই মিছাইল চলিত সপ্তাহৰ তৃতীয়টো মিছাইল । ইয়াৰ পূৰ্বে ১৪ মাৰ্চত মিছাইল নিক্ষেপ কৰিছিল উত্তৰ কোৰিয়াই ।

উত্তৰ কোৰিয়াই এই আক্ৰমণক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত চলি থকা আলোচনাৰ প্ৰতিবাদ আখ্যা দিয়ে । উত্তৰ কোৰিয়াৰ মতে এই আলোচনা এক যুদ্ধৰ আৰম্ভণি ।

উল্লেখ্য যে, এই বেলিষ্টিক মিছাইলটোৱে প্ৰায় ১৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পূৰ্বে নিৰ্ধাৰিত লক্ষ্যভেদ কৰিবলৈ সক্ষম হয় । ইয়াৰ পৰাই উমান কৰিব পাৰি উত্তৰ কোৰিয়াৰ যুদ্ধৰ পূৰ্বৰ প্ৰস্তুতি ।

এতিয়া প্ৰশ্ন হয়, বিশ্বৰ প্ৰায় সকলো শক্তিশালী দেশেই বিভিন্ন প্ৰকাৰে আন কোনো দেশৰ সৈতে যুদ্ধত ব্যস্ত । তেনেস্থলত আন এখন নতুন যুদ্ধ চপাই লোৱাৰ কোনো কাৰণ থাকিব পাৰে জানো ? এনে পৰিস্থিতিত কাহানিও বিশ্ব শান্তি আহিব নে ?

বিশ্ব শান্তি সম্ভৱ নে ? জাপান-দক্ষিণ কোৰিয়াৰ সন্মিলনৰ পূৰ্বে পুনৰ মিছাইল নিক্ষেপন উত্তৰ কোৰিয়াৰ
গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই গৈছে পৰম্পৰাগত গো-পাল প্ৰথা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in