/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b62a5c7e-6b40-44d7-a475-5f39b4b8e657/goru_16.jpg)
গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই গৈছে পৰম্পৰাগত গো-পাল প্ৰথা...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ আধুনিকতাৰ পৰশ পৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱা এক পৰম্পৰা হ'ল গো-পাল প্ৰথা । আজিৰ পৰা ২০-২৫ বছৰৰ আগলৈকে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে বিৰাজমান আছিল এই প্ৰথা ।
প্ৰতিখন গাঁৱৰ প্ৰতিখন গৃহস্হীৰ ঘৰৰ গৰু-গাইসমূহ সমূহীয়াভাবে চৰাবলৈ লৈ যোৱা হৈছিল । প্ৰতিদিনে পাল পাতি প্ৰতিখন গাঁৱৰ পৰা একোজনকৈ লোকে চৰাবলৈ লৈ যায় গৰুসমূহ ।
নৈৰ পাৰত বা পথাৰত গাঁৱৰ পৰা লৈ যোৱা গৰুসমূহ এৰি গৰখীয়াই গছৰ তলত বহি আপোনমনে জিৰণি লয় । কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে অসমীয়া গ্ৰাম্য সমাজৰ পৰা এই পৰম্পৰা নাইকিয়া হৈ গ'ল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c7e89f20-3b90-4e68-979e-02de3e27f6f7/c88ce2ba_9971_44bd_8df6_27e370801fe2.jpg)
গাঁৱত গৰু গাই পোহা মানুহৰ সংখ্যাও কমি গ'ল । যান্ত্ৰিকতাৰ ধামখুমিয়াত হেৰাই যাবলৈ ধৰা অসমীয়া গ্ৰাম্য সমাজৰ এই পৰম্পৰা কিন্তু এতিয়াও ধৰি ৰাখিছে জামুগুৰিহাটৰ মৰণাকুৰি গাঁও, ঘাঁহিগাঁও আৰু ঘিলাধৰীয়া গাঁৱৰ ৰাইজে ।
ককাদেউতাৰ দিনৰ শ শ বছৰীয়া এই পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখিছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ এই তিনিখন গাঁৱৰ ৰাইজে । গাঁও কেইখনৰ ৰাইজে সমূহীয়াভাবে এতিয়াও চৰাবলৈ নিয়ে গৰু,গাইসমূহ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f89884ae-ffa2-4450-946b-59d788066163/de5b0a46_b3f9_48ee_86ae_1f3880677aa9.jpg)
তিনিখনকৈ গাঁৱৰ শ শ গৰু-গাই পাল পাতি গৰখীয়াই চৰাবলৈ লৈ যায় প্ৰত্যেকদিনাই । জীয়া ভৰলী নদীৰ পাৰৰ চাপৰিলৈ ৰাতিপুৱাই উলিয়াই নিয়া গৰু গাই সমূহ গধুলি হোৱাৰ আগে আগে গৰখীয়াই ওভতাই লৈ আহে গাঁৱলৈ ।
আধুনিকতাৰ বতাহে চুই যোৱাৰ সময়তো অসমীয়া সমাজৰ এই নিভাঁজ পৰম্পৰা জামুগুৰিহাটৰ তিনিখন গাঁৱে ধৰি ৰখাটো সচাঁই নান্দনিকতাপূৰ্ণ ।
Also Read: এটা চাকৰিৰ বাবে ব্যয় ৮০ লাখ ! নিবনুৱাই কাঢ়িছে হুমুনিয়াহ...