নিউয়ৰ্কত আজানৰ বাবে মাইক ব্যৱহাৰৰ অনুমতি প্ৰদান..

নিউয়ৰ্কত আজানৰ বাবে মাইক ব্যৱহাৰৰ অনুমতি প্ৰদান..

 ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত নামাজৰ বাবে ব্যৱহাৰ কৰিব পাৰিব মাইক। ইয়াৰ বাবে প্ৰয়োজনীয় নহ'ব কোনো প্ৰশাসনীয় অনুমতি। প্ৰতি শুকুৰবাৰে আৰু সম্পূৰ্ণ ৰমজানমাহত নিউয়ৰ্ক চহৰত নামাজৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব মাইক।

যোৱা মঙলবাৰে এই সিদ্ধান্তৰ বিষয়ে জনাই নিউয়ৰ্ক চহৰৰ মেয়ৰ এৰিক এডামছে। এই বিষয়ে নিয়মাৱলী প্ৰকাশ কৰি মেয়ৰ এৰিক এডামছে কয় যে, এতিয়াৰে পৰা নিউয়ৰ্ক চহৰত প্ৰতি শুকুৰবাৰে আৰু পবিত্ৰ ৰমজানৰ সম্পূৰ্ণ মাহটোতে নামাজৰ সময়ত দিনটোত পাঁচবাৰকৈয়ে ব্যৱহাৰ কৰিব পাৰিব মাইক।

এই ধৰ্মীয় পাৰ্থনা পৰিৱেশনৰ বাবে ইছলাম ধৰ্মালম্বী লোকসকলে কোনো কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই। সকলো নিউয়ৰ্কাৰেই মুক্তভাৱেই নিজৰ ধৰ্ম পালন কৰিব পাৰিব।

আৰক্ষী বিভাগৰ কমিউনিটি এফেয়েৰ্ছ ব্যুৰোৱে মছজিডসমূহৰ লগত যোগাযোগ কৰি নতুন নিয়ম অনুযায়ী মাইকসমূহ উপযুক্ত ডেছিবিল স্তৰত স্থাপন কৰাটো নিশ্চিত কৰিব বুলিও জনাই এৰিক এডামছে।

নিজেই এজন ইছলামধৰ্মী লোক হিচাপে মেয়ৰ এৰিকে কয় যে, বহুসময়ৰ পৰাই নিউয়ৰ্কত ইছলাম ধৰ্মালম্বী লোকসকলৰ প্ৰাৰ্থনাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ দিয়া হোৱা নাছিল কিন্তু এতিয়া তেওঁলোকৰ সম্প্ৰদায় এইক্ষেত্ৰত স্বাধীন।লগতে চিটি হলত অনুষ্ঠিত সংবাদমেলত মুছলমান নেতাসকলৰ সন্মুখত তেওঁ কয় যে, তেওঁ নিউয়ৰ্কৰ মেয়ৰ হৈ থকালৈকে মুছলমান নিউয়ৰ্কাৰসকলে আমেৰিকাৰ সপোনৰ ছত্ৰছায়াত থকাৰ প্ৰয়োজন নহ'ব।

কুইন্সৰ আইডিয়াল ইছলামিক স্কুলৰ অধ্যক্ষ ছমাইয়া ফেৰোজীয়ে কয় যে নিউয়ৰ্ক চহৰৰ নতুন নিয়মে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকললৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

এৰিক এডামছৰ বিভিন্ন পৰম্পৰাৰ বিশ্বাসী নেতাসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু ৰাজহুৱা জীৱনত তেওঁ ধৰ্মৰ ভূমিকাৰ বিষয়ে প্ৰচাৰ কৰে।

নিউয়ৰ্কত আজানৰ বাবে মাইক ব্যৱহাৰৰ অনুমতি প্ৰদান..
চৰকাৰী চাউলৰ চোৰাং বেহা মেলিও সুৰক্ষিত সমবায় সচিব সভাপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in