চৰকাৰী চাউলৰ চোৰাং বেহা মেলিও সুৰক্ষিত সমবায় সচিব সভাপতি

চৰকাৰী চাউলৰ চোৰাং বেহা মেলিও সুৰক্ষিত সমবায় সচিব সভাপতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ কেৰেপ নকৰা এজন বিয়াগোম চৰকাৰী বিষয়া আছে ঢকুৱাখনাত । মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া নিৰ্দেশ কিম্বা সকীয়নী নামানি নিজৰ ইচ্ছাকেই আইন মানি চলা এই চৰকাৰী বিষয়াজন হৈছে যোগান বিষয়া কবিন্দ্ৰ মেদক।

ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক মেদকৰ ইচ্ছা অনিচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত সকলৰ শাস্তি প্ৰদান কিম্বা সুৰক্ষাগত দিশটো । শেহতীয়াভাৱে এইগৰাকী যোগান বিষয়াক অধিক বিতৰ্কিত কৰি তুলিছে মহকুমাটোৰ পশ্চিম মাছখোৱা সমবায় সমিতিৰ লুণ্ঠনকাৰী সভাপতি ,সচিব আৰু ষ্টৰ ইনচাৰ্জৰ প্ৰতি গ্ৰহণ কৰি অহা অহেতুক দৰদে।

সভাপতি বগেন বৰুৱা (বাঘ) উপ সভাপতি বগেন বৰা ,সচিব প্ৰদীপ চমুৱা , ষ্টৰ ইনচাৰ্জ দুলাল চুতীয়া ৰ নেতৃত্বত গঠিত সমবায় সমিতিখনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, মধ্যাহ্ন ভোজন , এছ এন পি আদি বিভিন্ন শিতানৰ চাউলৰ এক চোৰাং বেহা মেলি ব্যাপক বিত্তীয় অনিয়ম সংঘটিত কৰিছিল । যোগান বিষয়া কবিন্দ্ৰ মেদকে মহকুমা প্ৰশাসনৰ নিৰ্দেশৰ ভিত্তিত চলোৱা তদন্ত কালত এই সমস্ত দুৰ্নীতি অনিয়ম আৰু লুণ্ঠনৰাজ পোহৰলৈ আহিছিল।

দৰিদ্ৰ ৰাইজৰ বাবে আবন্টিত চৰকাৰী চাউলৰ এক গ্রামো আত্মসাৎ কৰিলে সকলোকে জেললৈ প্ৰেৰণ কৰা হ'ব বুলি ৰাজহুৱা ভাবেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ পাছতে পশ্চিম মাছখোৱা সমবায় সমিতিত সংঘটিত এই বৃহৎ চাউল কেলেংকাৰীৰ নায়ক সকলৰ জেলৰ পথ প্ৰশস্ত হ'ব বুলি ভুক্তভোগী গ্ৰাহক ৰাইজে আশা কৰিছিল।

পিছে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আইন কানুন ,গুৰু গোঁসাই নমনা এইজন যোগান বিষয়া মেদকে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনাকো কাৰ্যকৰী কৰা দেখা পোৱা নাই । মহকুমাটোৰ অন্য দুখন সমবায় সমিতি ক্ৰমে পূব ঢকুৱাখনা মাতমৰা সমবায় সমিতি আৰু ঢকুৱাখনা সমবায় সমিতিত সংঘটিত একেই দুৰ্নীতিৰ বাবে দুটাকৈ গোচৰ ৰুজু কৰিছিল এইগৰাকী যোগান বিষয়াই। পিছে একে দুৰ্নীতি সংঘটিত কৰা পশ্চিম মাছখোৱা সমবায় সমিতিৰ এইসকল দুৰ্নীতি পৰায়ন অৰ্থলোভীৰ প্ৰতি গোচৰ ৰুজু নকৰে মেদকে ।

সংগৃহীত তথ্য মতে নিজৰ দুৰ্নীতি গ্ৰস্ত চৰিত্ৰ ফাদিল হোৱাৰ ভয়ত গ্ৰস্তমান হৈ খাল খান্দি ঘৰীয়াল চপোৱাৰ সাহস কৰা নাই যোগান বিষয়া মেদকে। সমবায়খনৰ লুণ্ঠনকাৰী সভাপতি ,উপসভাপতি ,সচিব ,ষ্টৰ ইনচাৰ্জৰ এই লুণ্ঠনৰাজৰ গোপন অংশীদাৰী আছিল মেদক । যোগান বিষয়া গৰাকীৰ জ্ঞাত সাৰেই চৰকাৰী চাউলৰ চোৰাং বজাৰ মেলিছিল এইসকল লুণ্ঠনকাৰীযে ।

আনকি সচিব প্ৰদীপ চমুৱাই এগৰাকী সুলভ মূল্যৰ এজেন্টৰ পৰা নগদ ৫০ হাজাৰ টকা ব্যক্তিগত ঋণ লৈ পৰৱৰ্তী সময়ত সমবায়লৈ অহা চৰকাৰী চাউল উক্ত এজেন্ট গৰাকীক অতিৰিক্ত ২-৩ কুইণ্টল কৈ প্ৰতিমাহে যোগান ধৰি ব্যক্তিগত ঋণ চৰকাৰী চাউলেৰে পৰিশোধ কৰিছিল । এই কথাও জানিছিল যোগান বিষয়া মেদকে । অথচ ৰহস্যজনক ভাবে মুক বধিৰৰ ভূমিকা পালিছিল যোগান বিষয়া গৰাকীয়ে। তদ্রুপ ভাবে অন্য বিষয়ববীয়া একাংশয়ো সমবায় ভঁৰালটোক পত্ৰিক সম্পত্তি গণ্য কৰি চৰকাৰী চাউলৰ মুকলি চোৰাং বেহা মেলিছিল। এইসন্দৰ্ভত সকলো জানিও বিশেষ কাৰণত মুখ বন্ধ কৰি ৰাখিছিল মেদকে ।

সমবায়খনত সংঘটিত দুৰ্নীতি সন্দৰ্ভত গোচৰ দিলে আৰু এই সন্দৰ্ভত নিৰপেক্ষ তদন্ত হ'লে , অভিযুক্ত সভাপতি সচিব আদি অন্য সকলে মুখ মেলিলে যোগান বিষয়া মেদকৰো জেল গমনৰ পথ মসৃণ হোৱাটো নিশ্চিত হোৱাত গোচৰ ৰুজু কৰাৰ পৰা বিৰত আছে বিতৰ্কিত যোগান বিষয়া মেদক।

ইপিনে নিজে বাচিবলৈকে চৰকাৰী চাউল চোৰাং বেপাৰী সকলৰ বিপৰীতে গোচৰ দিয়াৰ পৰা বিৰত থকা যোগান বিষয়া গৰাকীয়ে অহা ছেপ্টেম্বৰ মাহৰ খাদ্য সুৰক্ষা আইনৰ চাউল এই বিতৰ্কিত সভাপতি ,উপ সভাপতি , সচিব আৰু ষ্টৰ ইনচাৰ্জ সকলৰ জৰিয়তে বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে । যাক লৈ ক্ষুব্ধ সুলভ মূল্যৰ এজেন্ট সকলৰ লগতে গ্ৰাহক অংশীদাৰী সকল। দুৰ্নীতিগ্ৰস্তক বৰপীৰা পাৰি লুটিবলৈ পুনৰাই সুবিধা কৰি দিয়া যোগান বিষয়া গৰাকীৰ এনে হঠকাৰী কাৰ্যত স্তম্ভিত ৰাইজ ।

তাৎপৰ্যপূৰ্ণ ভাবে সীমাহীন ভ্ৰূষ্টাচাৰ অনিয়ম দেখি জানিও পশ্চিম মাছখোৱা অঞ্চলৰ তথাকথিত ছাত্ৰ সংগঠন , সামাজিক সংগঠন সকলোৱে গ্ৰহণ কৰি আহিছে নিবোকা চামুনৰ ভূমিকা । স্মৰ্তব্য যে সমবায়খনৰ এগৰাকী এজেন্ট খগেন চেতিয়াই (বৰটেঙানি) চাউল সামান্য কমকৈ উপভোক্তাক দিয়াৰ বাবে যোগান বিভাগে নিলম্বন কৰিছিল ।

কিন্ত একে অনুজ্ঞাপত্ৰ বিশিষ্ট সমবায় সমিতিখনৰ সচিব চমুৱাই শ শ কুইণ্টল চাউল চোৰাং বিক্ৰিৰে বিশাল কেলেংকাৰী সৃষ্টি কৰাৰ পাছতো নোম এডাল লৰাব পৰা নাই যোগান বিভাগ আৰু প্ৰশাসনে । অংশীদাৰ ৰাইজৰ দাবী তৎকালে এইজন দুৰ্নীতিৰ নায়ক সচিব চমুৱাক বৰ্খাস্ত কৰি বিযিগত ভাবে নতুন সচিব নিযুক্তিৰ ব্যৱস্থা কৰক ।

চৰকাৰী চাউলৰ চোৰাং বেহা মেলিও সুৰক্ষিত সমবায় সচিব সভাপতি
''বিৰোধীয়ে ভাৱে মোডীক পৰাজিত কৰিব পাৰিব, কিন্তু এয়া সপোন''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in