পুটিনক ৰোধিবলৈ নতুন নীতি ইউৰোপৰ

পুটিনক ৰোধিবলৈ নতুন নীতি ইউৰোপৰ

প্ৰতিবন্ধকতা লগোৱা হ'ব ৰাছিয়ান ইন্ধনৰ মূল্যত...

ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ জৰিয়তে সমগ্ৰ ইউৰোপতেই শক্তি সংকটৰ সৃষ্টি কৰা পুটিনক ৰোধিবলৈ ইউৰোপৰ অইন দেশ সমূহে লৈছে এক নতুন পদক্ষেপ । ৰাছিয়াৰ পৰা ক্ৰয় কৰা ইন্ধনৰ মূল্যৰ ক্ৰমাৎ বৃদ্ধিত আৰোপ লগাই ৰাছিয়ান অৰ্থনীতিত মোক্ষম আঘাত সানিব বিচাৰিছে ইউৰোপে । যুদ্ধৰ বাবে প্ৰয়োজনীয় অৰ্থনৈতিক পূঁজি মূলত: ইন্ধন ৰপ্তানি কৰি সংগ্ৰহ কৰা ৰাছিয়াই এতিয়‍াৰে পৰা এটা বেৰেলৰ বিপৰীতে লাভ কৰিব ৪৮ ইউৰো অৰ্থাৎ ভাৰতীয় মূল্য অনুসৰি প্ৰায় ৪,১১৮ টকা । পৰৱৰ্তী সময়ত বৃদ্ধিও কৰিব নোৱাৰিব ইন্ধনৰ মূল্য ।

ইউৰোপীয়ান ৰাষ্ট্ৰ সমূহৰ এনে কঠোৰ সিদ্ধান্তৰ অন্তৰালত আছে আন এক কাৰণো । ইউৰোপৰ দুৰ্বল অৰ্থনীতিৰ দেশ সমূহে ইন্ধন ক্ৰয়ৰ নামত ব্যয় কৰিব লগীয়া হয় ৰাজকোষৰ এক বৃহৎ অংশ । এই দেশ সমূহক কিছু সকাহ দিবলৈও লোৱা হ'ল এই সিদ্ধান্ত ।  আগন্তুক ৫ ডিছেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত ।

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই স্পৰ্শ কৰিলে নৱমটো মাহ । আগ্ৰাসনে ৯টা মাহ অতিক্ৰম কৰিব পাৰে বুলি কল্পনাও কৰিব পৰা নাছিল পুটিনে । তেনেস্থলত ভৱিষ্যতৰ সামৰিক পূঁজিৰ বাবে ৰাছিয়াক প্ৰয়োজন হ'ব অধিক ধনৰ, এই ধন ৰাছিয়াই সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছিল ইন্ধনৰ জৰিয়তে । এতিয়া ইন্ধনৰ মূল্যত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত নিশ্চয়কৈ এক নতুন ৰূপ ল'ব ৰাছিয়াৰ আগ্ৰাসনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in