/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/83eeb42d-c81e-4880-8898-7b8c843e306c/Sdegfs.jpg)
dgp
ডিজিটেল ডেস্ক : শনিবাৰে গুৱাহাটীত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় জৰুৰী বৈঠক। ডি.জি.পি. ভাস্কৰজ্যোতি মহন্তই আয়োজন কৰে এই জৰুৰী বৈঠক। বৈঠকত উপস্থিত থাকে চুবুৰীয়া জিলাৰ সকলো শীৰ্ষ আৰক্ষী বিষয়া।
উল্লেখ্য যে ৰাজ্যৰ লগতে গুৱাহাটীত হোৱা অপৰাধমূলক ঘটনাৰ পৰ্যালোচনাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা হৈছে। গুৱাহাটীত অপৰাধ সংঘটিত কৰি চুবুৰীয়া ৰাজ্যত বাহৰ পাতে অপৰাধীয়ে। আৰু ইয়াকে লৈ যথেষ্ট সমস্যাত পৰিছে মহানগৰ আৰক্ষী।
এই সমস্যা ৰোধ কৰাৰ সমাধান সূত্র বিচাৰি এই জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ৰাজ্যত দিনক দিনে অপৰাধমূলক ঘটনা বৃদ্ধি পাব ধৰিছে। যাৰ ফলত সাধাৰণ জনতা নিৰাপত্তাহীন হৈ পৰিছে।
আৰু পঢ়ক :আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী সমিতিৰ অন্তিম বৈঠক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us