ৱৰ্ল্ড চেম্পিয়নৰ শিৰত ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ

ৱৰ্ল্ড চেম্পিয়নৰ শিৰত ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ

ডিজিটেল ডেস্কঃ অলিম্পিক তথা ৱৰ্ল্ড চেম্পিয়ন নীৰজ চোপ্ৰাৰ শিৰত জিলিকিল ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ। ডাইমণ্ড লীগত নীৰজে দ্বিতীয় প্ৰচেষ্টাত ৮৩.৮০ মিটাৰ বেষ্ট থ্ৰ কৰি এই খিতাপ অৰ্জন কৰে।

আনহাতে ডাইমণ্ড লীগৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় চেক গণৰাজ্যৰ জাকুব ভাদলেজচয়ে। ভাদলেজচয়েৰ প্ৰথম থ্ৰ ৮৪.০১মিটাৰ আৰু বেষ্ট থ্ৰ ৮৪.২৪মিটাৰ (ষষ্ঠ প্ৰচেষ্টা) দলিয়াই ডাইমণ্ড লীগৰ শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰে।

ইপিনে নীৰজ চোপ্ৰাই এই প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ অৰ্জন কৰিলেও এয়া তেওঁৰ বাবে ব্যৰ্থ থ্ৰ' হিচাপে পৰিগণিত হৈছে। ২০২৩ বৰ্ষৰ এই ডাইমণ্ড লীগেই প্ৰথম য'ত নীৰজে ৮৫ মিটাৰৰ তলত থ্ৰ' কৰে। ইয়াৰ পূৰ্বে ৮৫ মিটাৰ তলত থ্ৰ' কৰাৰ নজিৰ নাই নীৰজৰ। উল্লেখ্য যে ডাইমণ্ড লীগত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক নাথাকে ।

ৱৰ্ল্ড চেম্পিয়নৰ শিৰত ডাইমণ্ড লীগৰ দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ
বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল'গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in