বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল'গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল'গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

author-image
Asomiya Pratidin
New Update
বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ শ্ল'গানেৰে আজি সামৰণি পৰিব অমৃতবৃক্ষ আন্দোলন

ডিজিটেল ডেস্কঃ আজি ৰাজ্যজুৰি "অমৃতবৃক্ষ" আন্দোলনৰ সামৰণি অনুষ্ঠান। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণিস্বৰূপে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই কাৰ্যসূচীৰ বাবে ইতিমধ্যেই সাজু কৰি তোলা হৈছে যাৱতীয় প্ৰচেষ্টা।

Advertisment

এই উপলক্ষে দেওবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এখনি সংবাদমেল। সংবাদমেলত তেওঁ ১ কোটি গছপুলি ৰোপণ তথা গছপুলি সংৰক্ষণৰ ফটো আপলোডেৰে অভিলেখ গঢ়াৰ চেষ্টাৰ বিষয়ে সাংবাদিকৰ সৈতে মত-বিনিময় কৰে।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩,২২,৪৪৪ গছপুলি বিতৰণ কৰি অসমে অভিলেখ গঢ়াৰ লগতে বিগত ২৪ ঘণ্টাত ৮.৮১ লাখ গছপুলি ৰোপণ কৰা হয় বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তেও অসমে আন এক অভিলেখ গঢ়িছে বুলি মন্তব্য কৰি পাকিস্তানৰ পূৰ্বৰ অভিলেখ ভংগ কৰিব বুলিও মত আগবঢ়ায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ১ ঘণ্টাত ৩.৩১ লাখ গছপুলি ৰোপণ কৰি অভিলেখৰ দিশে আগবাঢ়িছে অসম। মাৰ্ঘেৰিটাত .৮৫ হেক্টৰ ভূমিত ৰোপণ কৰা হ'ব ৬.৩২ লাখ গছপুলি। তদুপৰি তেওঁ ৮০% গছপুলি যাতে সংৰক্ষিত হয় তাৰ বাবে বন বিভাগক লক্ষ্য ৰখাৰ আহ্বান জনায়।

উল্লেখ্য যে, বিগত ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল "অমৃতবৃক্ষ" আন্দোলন। এই ব্যাপক কাৰ্যসূচীৰ জৰিয়তে কেইবাটাও বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ।

Also Read: ২২৮বছৰীয়া পৰম্পৰা ৰক্ষা কৰি "কালিয় দমন" ভাওনা প্ৰদৰ্শন

Amrit Briksha Andolan GOVT OF ASSAM cm himanta biswa sarma