'নাটু নাটু' লৈ Best Original Song Award

'নাটু নাটু' লৈ Best Original Song Award

ডিজিটেল ডেস্ক : লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলিল ভাৰত । দুটাকৈ শিতানত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি সমগ্ৰ বিশ্বৰ সন্মুখত পুনৰ এবাৰ চিনাকী দাঙি ধৰিলে ভাৰতে । শ্ৰেষ্ঠ মৌলিক সংগীত অৰ্থাৎ ৰ শিতানত বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পী লেডী গাগাৰ "হ'ল্ড মাই হেন্ড" অথবা ৰিহানাৰ "লিফ্ট মি আপ"ৰ দৰে সংগীতক পিছ পেলাই জিলিকিল ৰাজামৌলীৰ 'আৰ আৰ আৰ' বোলছবিৰ "নাটু নাটু" শীৰ্ষক গানটো । মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটিয়ে ইয়াৰ পূৰ্বে লাভ কৰিবলৈ সক্ষম হৈছিল গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও । তাৰ পাছতেই অস্কাৰৰ দৌৰত এক শক্তিশালী স্থিতি লাভ কৰে গানটোৱে।

উল্লেখ্য যে, অস্কাৰৰ দৌৰত আন এখন ভাৰতীয় ছবি গৈছিল এই বৰ্ষত । যি ছবিৰ আলোচনা 'নাটু নাটু'ৰ সমান নহ'লেও মানদণ্ড আছিল বহু উন্নত । সংবাদ মাধ্যম, সামাজিক মাধ্যমত চৰ্চা নহ'লেও অস্কাৰ কমিটিয়ে দিলে প্ৰদান কৰিলে উচিত মূল্য । শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ দৌৰত শীৰ্ষস্থান লাভ 'দা এলিফেন্ট হুইস্পাৰাৰ্ছ' লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা অস্কাৰত । দক্ষিণ ভাৰতৰ এহাল দম্পত্তীয়ে এটি ঘাট মাউৰা হাতী পোৱালিক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰাৰ কাহিনীৰে আগবাঢ়িছিল তথ্যচিত্ৰখন । এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই সাফল্য ।

'নাটু নাটু' লৈ Best Original Song Award
এইবাৰ বাতিল হ'ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা ঘোষণা ছেবাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in