এইবাৰ বাতিল হ'ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা ঘোষণা ছেবাৰ

এইবাৰ বাতিল হ'ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা ঘোষণা ছেবাৰ

ডিজিটেল ডেস্ক : লক্ষ্যাধিক পৰীক্ষাৰ্থীৰ বছৰজোৰা কষ্ট, উদ্বেগ, চিন্তা সকলোকে উপহাস কৰি আকৌ এবাৰ পৰীক্ষা বাতিল কৰিলে ছেবাই । ১৩ মাৰ্চ, সোমবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । কিন্তু পৰীক্ষাৰ কেইটামান ঘন্টা পূৰ্বে অৰ্থাৎ মাজনিশা ছেবাই ঘোষণা কৰিলে এই সিদ্ধান্ত । কাৰণ সামাজিক মাধ্যমযোগে সৰ্বত্ৰে বিয়পি পৰিছিল এখন প্ৰশ্নকাকত ।

এই সন্দৰ্ভত ছেবাই ঘোষণা কৰা অনুসৰি, ৰবিবাৰে সন্ধিয়াৰ পৰা এখনি হাতে লিখা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । গতিকে শিক্ষাৰ্থী সকল যাতে দিশহাৰা হৈ নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অতি সোনকালেই অসম মাধ্যমিক শিক্ষা পৰিষদে বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয় ।

এতিয়া প্ৰশ্ন হয়, এই খনেই বিজ্ঞানৰ প্ৰকৃত প্ৰশ্নকাকত নেকি ? যদি নহয় তেন্তে বাতিল কৰাৰ কাৰণ কি ? সঠিক প্ৰশ্নকাকত ফাদিল হৈ যোৱাত এতিয়া এনেধৰনে দায়সৰা মন্তব্য দিব বিচাৰিছে নেকি ছেবাই ? শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা কাহানিও বন্ধ হ'ব নে ? এতিয়াও বহু প্ৰান্তৰ শিক্ষাৰ্থীয়ে হয়তো গমেই পোৱা নাই পৰীক্ষা বাতিলৰ কথা । এই কষ্ট, উদ্বেগ, চিন্তাৰ মূল্য ভৰিব পাৰিব নে ছেবাই ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in