/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/014503e8-7f33-4dcc-bdd3-1d4db1074444/sunita 27.jpg)
মহাকাশত আবদ্ধ সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম'ৰ ঘূৰি আহিব পাৰিবনে পৃথিৱীলৈ?
ডিজিটেল ডেস্কঃ ৫০ টা দিন অতিক্ৰম কৰিলে। এতিয়াও মহাকাশতে আবদ্ধ হৈ আছে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম'ৰ। এই দুই মহাকাশচাৰী পুনৰ পৃথিৱীলৈ কেতিয়া ঘূৰি আহিব পাৰিব তাক লৈয়ো সৃষ্টি হৈছে অনিশ্চয়তা।
মহাকাশতে আবদ্ধ হৈ পৰা দুই মহাকাশচাৰীক লৈ এতিয়া বিশ্বজুৰি বৃদ্ধি পাইছে উদ্বেগ। মহাকাশ গৱেষণা আৰু মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহীলোকসকলে বাৰে বাৰে এই বিষয়ে খবৰ ৰাখিছে।
অৱশ্যে নাছাৰ মতে দুই মহাকাশচাৰী সুকলমে আছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত নাছাৰ উদ্ধৃতিৰে প্ৰকাশিত খবৰ অনুসৰি আন্তৰ্জাতিক মহাকাশ আস্থানত আৱদ্ধ হৈ থকা সুনীতা আৰু উইলম'ৰ নিৰাপদে আছে। মহাকাশ বিজ্ঞানীৰ মতে তেওঁলোক দুয়ো ত্ৰিশংকুৰ দৰে ওলমি আছে।
নাছাৰ মতে এই দুই মহাকাশচাৰীয়ে যিখন মহাকাশ যানখন ব্যৱহাৰ কৰিছিল সেই যানখন মহাকাশত সৰ্বাধিক ৯০ দিন পৰ্য থাকিব পাৰিব। যিহেতু ইতিমধ্যে ৫০ দিন অতিক্ৰম কৰিছে সেয়ে অহা ৪০ দিনৰ ভিতৰত তেওঁলোকক ঘূৰাই আনিব লাগিব। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল এই ৪০ দিনৰ ভিতৰত নাছাই তেওঁলোকক ঘূৰাই আনিব পাৰিবনে?
নাছাৰ মতে সুনীতা আৰু উইলম'ৰক মহাকাশলৈ লৈ যোৱা বোয়িং ষ্টাৰলাইনাৰ সহায়ত পুনৰ পৃথিৱীলৈ ঘূৰাই আনিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে তেওঁলোকে ইয়াৰ কোনো সুদুত্তৰ দিয়া নাই। নাছাৰ মতে এই মহাকাশ যানখনৰ পৰা হিলিয়াম গেছ নিৰ্গমন হোৱাৰ বাবেই যানখন হাউলি পৰিছে।
Also Read: বাক্সাৰ বাগানপাৰাত ম'বিলিটি ইণ্ডিয়াৰ প্ৰশিক্ষণ শিবিৰ...