বাক্সাৰ বাগানপাৰাত ম'বিলিটি ইণ্ডিয়াৰ প্ৰশিক্ষণ শিবিৰ...

প্ৰতিবন্ধী লোক তথা শিশুসকলৰ বাবে বিশেষ পদক্ষেপ

author-image
Asomiya Pratidin
New Update
বাক্সাৰ বাগানপাৰাত ম'বিলিটি ইণ্ডিয়াৰ প্ৰশিক্ষণ শিবিৰ...

বাক্সাৰ বাগানপাৰাত ম'বিলিটি ইণ্ডিয়াৰ প্ৰশিক্ষণ শিবিৰ...

ডিজিটেল সংবাদ বাক্সাঃ দৰিদ্ৰ শ্ৰেণীৰ প্ৰতিবন্ধী লোক তথা শিশুসকলক বিনামূলীয়া সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান ম’বিলিটি ইণ্ডিয়াই বাক্সা জিলাৰ জলাহ আৰু ধমধমা উন্নয়ন খণ্ডৰ বাবে এপ্ৰিল মাহৰ পৰা এক প্ৰকল্প হাতত লৈছে।

Advertisment

এই প্ৰকল্পৰ দ্বাৰা আৰ্থিকভাবে দুৰ্বল প্ৰতিবন্ধী লোকসকলক বিনামূলীয়াকৈ সহায়ক আহিলাৰ লগতে থেৰাপীও প্ৰদান কৰা হৈছে। প্ৰতিবন্ধকতাৰ ভিন্ন প্ৰকাৰ, কাৰণ, চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎসা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে অংগনবাদী কৰ্মীসকলৰ বাবে বাক্সা জিলাৰ ধমধমা উন্নয়ন খণ্ডৰ বাগানপাৰাতো এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে।

অৰ্ধ শতাধিক অঙ্গনাবাদী কৰ্মী-সহায়িকাৰ উপস্থিতিৰে উক্ত অনুষ্ঠানটো সফলতাৰে সম্পন্ন হয়।

Also Read: বৰপেটাৰ ভক্তৰডবাস্থিত দেশভক্ত সমবায় সমতি লিমিটেডত বগা চাউলৰ ক'লা ব্যৱসায়

বাক্সা ম'বিলিটি ইণ্ডিয়া