"শেষ হৈ আহিছে মোৰ শক্তি, হয়তো এয়াই শেষ বাৰ্তা..."

"শেষ হৈ আহিছে মোৰ শক্তি, হয়তো এয়াই শেষ বাৰ্তা..."

এইয়া আছিল নাছাৰ মঙল গ্ৰহ অভিযানৰ অতিকৈ গুৰুত্বপূৰ্ণ বাহন ইনচাইটৰ শেষ বাৰ্তা । সৌৰ জগতৰ সৃষ্টিৰ পৰা অতিক্ৰম কৰা ৪.৫ বিলিয়ন বৰ্ষৰ যাত্ৰাত প্ৰথমবাৰৰ বাবে ৰঙা গ্ৰহটিৰ সম্পূৰ্ণ পৰীক্ষা চলাইছিল এই বাহনখনে । মানুহৰ বাবে অনুকূল নহয় মঙল গ্ৰহৰ পৰিৱেশ । যাৰ বাবে এতিয়াও সম্পূৰ্ণকৈ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই গ্ৰহটোৰ বিষয়ে । তেনেস্থলত মহাকাশ বিজ্ঞানী সকলক সকলোতকৈ বেছি সহায় কৰিছিল এই ইনচাইট বাহনখনে । মঙল গ্ৰহৰ ৰঙা ধুমুহাৰ প্ৰবল আক্ৰমণকো নেঁওচি বিজ্ঞানী সকললৈ পঠিয়াইছিল এখনৰ পাছত আন এখন ফটো ।

কিন্তু বিগত চাৰি বছৰে অকলশৰে গৱেষণাৰ সমল গোটাই অহা ইনচাইট আজি বিকল ।

নাছাৰ এই অভিযানৰ আৰত থকা লোক সকলে দুবাৰকৈ চেষ্টা চলায়ো সংযোগ স্থাপন কৰিব নোৱাৰিলে বাহনখনৰ সৈতে । ইয়াৰ সৈতেই গৱেষক, বিজ্ঞানী সকলে অনুমান কৰি ল'লে যে পৰ্যাপ্ত শক্তিৰ অভাৱত বিকল হৈ পৰিল বাহনখন ।

তথাপিও ভৱিষ্যতলৈ কোনো আলৌকিক আশ্চৰ্যৰ বাবে সম্ভৱ হ'ব পাৰে বাহনখনৰ মাত পুনৰ এবাৰ শুনাৰ । যাৰ বাবেই নাছাই আগন্তুক সময়তো চেষ্টা চলাই যাব বাহনখনৰ সৈতে সংযোগ স্থাপনৰ । কিন্তু এইটো মূহুৰ্তলৈ সকলো নিশ্চিত যে শক্তিৰ অভাৱত বিকল হৈ পৰিছে বাহনখন ।

উল্লেখ্য যে, শেষবাৰৰ বাবে ইনচাইটৰ সৈতে নাছাৰ সংযোগ স্থাপন হৈছিল চলিত বৰ্ষৰ ডিছেম্বৰৰ ১৫ তাৰিখে ।

এই ক্ষেত্ৰত নাছাৰ এগৰাকী শীৰ্ষ বিষয়াই দিয়া মন্তব্য অনুসৰি, সকলোৱে প্ৰত্যক্ষ কৰিছিল ইনচাইটৰ নিক্ষেপ আৰু সফল অৱতৰণ । বিগত চাৰি বছৰে নাছাক গুৰুত্বপূৰ্ণ সমল যোগাই অহাৰ পিছত বাহন খন বিকল হৈ পৰাত সচাকৈয়ে এক শোকৰ বিষয় গৱেষক, বিজ্ঞানী সকলৰ বাবে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in