কলিয়াভোমোৰা নতুন দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা...

কথমপি ৰক্ষা এটা পৰিয়ালৰ
কলিয়াভোমোৰা নতুন দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াভোমোৰা নতুন দলংত শুক্ৰবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰ গতিত অহা এ এছ ১২ টি ৯৫৬৭ নম্বৰৰ হোণ্ডাই ভাৰ্ণা বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে দলঙৰ ৰেলিঙত ।

সৌভাগ্য ক্ৰমে বাহনখন উফৰি দলঙৰ পৰা তলত পৰি যোৱাৰ পৰা ৰক্ষা পৰে । তেজপুৰৰ পৰা দুলীয়াজান অভিমুখী আছিল বাহনখন আৰু ডঃ এলবাৰ্ট বাৰজাই নামৰ লোকজন আৰু তেখেতৰ পৰিয়ালটো আৰোহী হিচাপে আছিল বাহনখনত । আৰোহী গোটেই কেইজনেই কম বেছি পৰিমানে আহত হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে বাহন খনৰ ব্ৰেকৰ বিজুটিৰ বাবেই দুর্ঘটনাটো সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in