ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...

ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...
ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...

ডিজিটেল ডেস্কঃ ৪ দিনীয়া আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৃহস্পতিবাৰে উপস্থিত হৈছেগৈ ৱাশ্বিংটন ডিচিত। প্ৰধানমন্ত্ৰী মোডী ৱাশ্বিংটন ডিচিৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে বৰষুণে তেওঁক আদৰণি জনায়।

যি পৰিৱেশ দেখি মোডীয়ে ক’লে- এয়া ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদ। টুইটাৰত সেই মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে- ইয়াত থকা ভাৰতীয় সম্প্ৰদায় আৰু ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদে মোৰ এই ভ্ৰমণক বিশেষ কৰি তুলিছে।

ইফালে নৰেন্দ্ৰ মোডী আৰু জ’ বাইডেন দুয়োৱে সাংবাদিকৰ মুখামুখী হোৱাৰ কথা আছে। দুয়ো নেতৃত্বই যৌথ সংবাদ মেলত ভাগ ল’ব বুলি জানিব পৰা গৈছে। হোৱাইট হাউচৰ এজন জ্যেষ্ঠ বিষয়াৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ভ্ৰমণৰ শেষত প্ৰধানমন্ত্ৰী মোডীয়ে সংবাদ মেল সম্বোধন কৰিব।

জন কিৰবি নামৰ এজন মুখাপাত্ৰই এই সন্দৰ্ভত কয়, আমি প্ৰধানমন্ত্ৰী মোডীৰ ওচৰত কৃতজ্ঞ যে, তেওঁ এই ভ্ৰমণ সামৰণিৰ সময়ত সংবাদ মেল সম্বোধন কৰিব। আমাৰ বাবে এয়া খুবেই গুৰুত্বপূৰ্ণ।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাৰ্কিন সংবাদ গোষ্ঠীসমূহৰ পৰা এটা আৰু ভাৰতীয় সংবাদ গোষ্ঠীৰ পৰা এটাকৈ মুঠ ২টা প্ৰশ্নৰহে উত্তৰ দিব। ইফালে আজিয়েই প্ৰধানমন্ত্ৰী মোডীয়ে মাৰ্কিন কংগ্ৰেছত ভাষণ দিয়াৰ কথা। পূৰ্বেও তেওঁ এবাৰ মাৰ্কিন  কংগ্ৰেছৰ যৌথ অধিৱেশনত এবাৰ ভাষণ আগবঢ়াইছে।

ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...
অম্বুবাচীলৈ অহাৰ পূৰ্বে চাই লওক এইকেইটা কথাঃ অন্যথা বিপদত পৰিব আপুনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in