
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা। নীলাচল পাহাৰলৈ আগমণ ঘটিছে হাজাৰ হাজাৰ ভক্তৰ। এইবাৰৰ অম্বুবাচী সন্দৰ্ভত জানি লওক এই কেইটা কথা-
১) ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগৰ পবিত্ৰ পৰ্ব্ব পালন কৰা হ'ব।
২) অম্বুবাচীৰ প্ৰবৃত্তি হ'ব ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত।
৩)২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ।
৪) ২৬ জুনৰ পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে পুনৰ মুকলি হ'ব।
৫) ২৬/২৭ জুন বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব।
৬) একেদৰে এই দুটা দিনত বন্ধ থাকিব ভি আই পি আৰু ভি ভি আই পিৰ দৰ্শনৰ ব্যৱস্থা।
৭) এইবাৰ অম্বুবাচীৰ সময়ত নীলাচল পাহাৰৰ আশে-পাশে নাথাকিব তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা।
৮) এই অঞ্চলত কোনো খাদ্য সামগ্ৰীও বিতৰণ কৰিব নোৱাৰিব।
৯) কামাখ্যালৈ যোৱাৰ পথত ভক্তৰ বাবে থাকিব চিকিৎসকৰ দল। ইয়াৰোপৰি থাকিব খোৱাপানীৰ ব্যৱস্থা, জিৰণিচ'ৰা।
১০) মন্দিৰ পৰিক্ৰমাৰ পাছত যাত্ৰীসকলে পূৱ আৰু পশ্চিম দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থাও থাকিব।