গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ

অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধ। অব্যাহত থকা যুদ্ধৰ মাজতে মঙবাৰে হামাছৰ এখন চিকিৎসালয়ত ৰেকেটৰে আক্ৰমণ কৰে ইজৰাইলে।

author-image
Asomiya Pratidin
New Update
গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ

ডিজিটেল ডেস্কঃ অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধ। অব্যাহত থকা যুদ্ধৰ মাজতে মঙবাৰে হামাছৰ এখন চিকিৎসালয়ত ৰেকেটৰে আক্ৰমণ কৰে ইজৰাইলে। এই আক্ৰমণৰ ফলত প্ৰায় ৫০০ জন লোকৰ মৃত্যু হোৱাৰ উপৰি বহু লোক আঘাতপ্ৰাপ্ত হৈছে।

Advertisment

এই ঘটনাৰ ওপৰত দুখ ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। টুইটৰ জৰিয়তে মোডীয়ে কয় যে, গাজাৰ আল আহলি চিকিৎসালয়ত প্ৰাণ হেৰুওৱা সকললৈ গভীৰ সমবেদনা। পীড়িতসকলৰ পৰিয়াললৈ আন্তৰিক সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। সংঘৰ্ষত অসামৰিক লোকৰ হতাহত গুৰুতৰ আৰু চিন্তাৰ বিষয়।জড়িত সকলে দায়িত্ব লোৱা উচিত।

উল্লেখ্য যে, হাস্পাতালত কৰা এই আক্ৰমণত প্ৰায় ৫০০ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ অধিকাংশ ৰোগী, স্বাস্থ্য কৰ্মী আৰু শৰণাৰ্থী। অধিকাংশলোকে হাস্পাতালৰ আশে পাশে আশ্ৰয় লৈ আছিল। এই আক্ৰমণৰ বাবে হামাছে ইজৰাইলক জগৰীয়া কৰিছে।

হামাছে ইজৰাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ইজৰাইলৰ সামৰিক বাহিনীয়ে কয় যে এই আক্ৰমণ গাজাৰ সন্ত্ৰাসবাদী গোট ইছলামিক জিহাদে সংঘটিত কৰিছে।

আনহাতে ইছলামিক জিহাদে কৈছে যে ইহুদী সকলে মিছা কথাৰ জৰিয়তে গাজাৰ চিকিৎসালয়ত কৰা বোমা বিস্ফোৰণ দায়িত্বৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে। উল্লেখ্য যে, গাজাৰ হাস্পাতালত হোৱা আক্ৰমণক সমগ্ৰ বিশ্বই গৰিহনা দিছে।

ইয়াৰ মাজতে বুধবাৰে ইজৰাইলত উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে। দুখন দেশৰ মাজত চলি থকা যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষিত কৰিছে।

Also Read: কোনো কাম নকৰাকৈ চৰকাৰী আঁচনিৰ নামত লাখ লাখ টকা আত্মসাৎ, নিমাত বিভাগীয় কৰ্তৃপক্ষ

hamas Israel narendra modi