বহিঃ ৰাষ্ট্ৰলৈ অসমৰ মিথানল: ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ...

মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমৰ অন্যতম বাণিজ্যিক প্ৰসাৰতা। নেপাল, কাঠমাণ্ডু, ভূটান, লক্ষ্ণৌ, উত্তৰপ্ৰদেশ, কলিকতা, তেলেংগানা, বাংলাদেশ লৈ এ পি এলৰ মিথানলৰে বাণিজ্যিক সম্প্ৰসাৰণ...
বহিঃ ৰাষ্ট্ৰলৈ অসমৰ মিথানল: ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ...

ডিজিটেল সংবাদ, নামৰূপ : অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অধীনস্থ অসম পেট্ৰ' কেমিকেলচ লিমিটেডৰ দৈনিক ৫০০ টন উৎপাদনক্ষম সম্পসাৰিত মিথানল প্ৰকল্পৰ উৎপাদিত সামগ্ৰীৰ শনিবাৰে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি কৰা কাৰ্যৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চলিত বৰ্ষৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামৰ পৰা ভাৰচুৱেল পদ্ধতিৰে নামৰূপৰ অসম পেট্ৰ' কেমিকেলচ লিমিটেডৰ উক্ত সম্পসাৰিত মিথানল প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিল। শনিবাৰৰ এই ঐতিহাসিক ক্ষণত এ পি এল প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা অনুষ্ঠানত  মুখ্যমন্ত্ৰীগৰকীয়ে  বিদেশলৈ পঠিওৱা সাতখন মিথানল ভৰ্তি টেংকাৰৰ ফ্লেগ অফ কৰি তেওঁৰ কাৰ্যকালৰ আন এক বাণিজ্যি সফলতাৰ সাক্ষ্য বহন কৰে।

সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, নামৰূপবাসী ৰাইজে নামৰূপ চহৰখন এক মৃত নগৰীলৈ ৰূপান্তৰ হোৱাৰ যি ভয় পুহি ৰাখিছিল আজি আৰু তেনে চিন্তা কৰাৰ প্ৰয়োজন নাই। অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ উন্নতিৰ সমান্তৰালভাবে নামৰূপ সাৰকাৰখানা আৰু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পয়ো ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰাজ্য চৰকাৰে অসম পেট্ৰ' কেমিকেলচ লিমিটেডৰ পৰা সংগ্ৰহ কৰা  ভেট ৰেহাই দিয়াৰ ক্ষেত্ৰত এক আঁচনি প্ৰস্তুত কৰিছে। ইয়াৰ দ্বাৰা উদ্যোগটো অধিক লাভবান হ'ব। উল্লেখযোগ্য যে, মিথানলৰ উৎপাদনৰ সমান্তৰালভাবে চাহিদা বৃদ্ধিৰ বাবে বাহনসমূহত মিথানল ব্যৱহাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে অলপতে বাংগালোৰত থকা গাড়ী নিৰ্মাণ গোষ্ঠী অশোক লিলেন কোম্পানীৰ লগতো অসম চৰকাৰে চুক্তি সম্পন্ন কৰিছে।

মহিলা সৱলীকৰণ আৰু যুৱ শক্তিক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে চৰকাৰৰ লোৱা পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ নিবনুৱা যুৱকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন  অথবা ব্যৱসায় কৰিবলৈ দুই লাখ থকাকৈ প্ৰদান কৰাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে। লগতে ৰাজ্যৰ সকলো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দহ হাজাৰকৈ টকা প্ৰদান কৰা চৰকাৰৰ সিদ্ধান্তৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। ইফালে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে,  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অর্জন কৰা সকলক স্কুটী প্ৰদান কৰাৰ উপৰিও নৱম শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকলক চাইকেল প্ৰদান কৰা হৈছে।

উক্ত মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ বৰ্ষৰ প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত নাহৰকটীয়া সমষ্টিৰ জয়পুৰ চাৰিআলি-দিল্লীঘাট সংযোগী উদ্যোগিক পথৰ ভাৰচুৱেল পদ্ধতিৰে শিলান্যাস কৰে। সভাত ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰঙ্গ গগৈ, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেটাং মিশ্ৰ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, দুলীয়াজন সমষ্টিৰ বিধায়ক তেৰশ গোৱালা, সুভাষ দত্ত, অসম পেট্ৰ' কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, উপাধ্যক্ষ হেমন্ত গগৈ উপস্থিত থাকে।

বহিঃ ৰাষ্ট্ৰলৈ অসমৰ মিথানল: ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ...
"দীঘলীপুখুৰীক কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়"- জয়ন্ত মল্লবৰুৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in