"দীঘলীপুখুৰীক কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়"- জয়ন্ত মল্লবৰুৱা...

"দীঘলীপুখুৰীক কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়"- জয়ন্ত মল্লবৰুৱা...
Published on
Updated on

ডিজিটেল ডেস্ক : গুজৰাটী বণিয়াৰ হাতত যোৱা নাই দীঘলীপুখুৰী। সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰিলে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা এটা বিষয় আছিল গুজৰাটী বণিয়াৰ হাতত গতাই দিয়া হৈছে দীঘলীপুখুৰীক।

গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ এক আকৰ্ষণ হ'ল দীঘলীপুখুৰী। এই দীঘলীপুখুৰীকে গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক চৰকাৰী পক্ষই গতাই খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। এই সন্দৰ্ভত আম আদমি পাৰ্টীৰ নেতা জিতুল ডেকাই সংবাদ মেলৰ জৰিয়তে সবিশেষ ফাদিল কৰিছিল । তাৰ পাছতেই ৰাজ্যৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

প্ৰতিক্ৰিয়া-বিতৰ্কক পিছ পেলাই অৱশেষত এই সন্দৰ্ভত সামাজিক মাধ্যমতেই মত প্ৰকাশ কৰিলে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ কথা দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পৰ্যটন মন্ত্ৰী হিচাবে তেওঁ অসমৰ জনসাধাৰণক স্পষ্টভাৱে অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে বুলি অৱগত কৰে।

পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল, আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব আৰু ইয়াক লৈ অনাহকত কোনো বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই বুলিও সামাজিক মাধ্যমত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

"দীঘলীপুখুৰীক কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়"- জয়ন্ত মল্লবৰুৱা...
দীঘলীপুখুৰীৰ লগত অসমীয়াৰ আৱেগো ১৫ বছৰলৈ লিজত দিলে অসম চৰকাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in