ম্যানমাৰৰ শ্বান প্ৰদেশৰ বৌদ্ধ মঠত সেনাৰ ভয়ানক আক্ৰমণ, ৩০ জন নিৰীহ নাগৰিক নিহত

ম্যানমাৰৰ শ্বান প্ৰদেশৰ বৌদ্ধ মঠত সেনাৰ ভয়ানক আক্ৰমণ, ৩০ জন নিৰীহ নাগৰিক নিহত

ডিজিটেল সংবাদ, বেকাজানঃ গণতন্ত্ৰকামী বিদ্ৰোহী জনতাক কাবু কৰিবলৈ গৈ নিৰস্ত্ৰ জনতাৰ ওপৰত ম্যানমাৰ সেনাই চলোৱা ভয়ংকৰ আক্ৰমণে দেশখনক আকৌ এবাৰ জোকাৰি গৈছে। শনিবাৰে ম্যানমাৰৰ দক্ষিণ শ্বান প্ৰদেশৰ বৌদ্ধ মঠত ম্যানমাৰৰ প্ৰতিৰক্ষা বাহিনীয়ে চলোৱা ভয়ংকৰ কমেও ৩০ জন সাধাৰণ নাগৰিক আৰু তিনিজন বৌদ্ধ সন্ন্যাসী নিহত হয়।

প্ৰাপ্ত খবৰ মতে স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৪ বজাত এই আক্ৰমণ সংঘটিত হয়। ম্যানমাৰৰ প্ৰতিৰক্ষা সংস্থা কাৰেনি নেচনেলিটিজ ডিফেন্স ফৰ্চে প্ৰকাশ কৰা অনুসৰি শনিবাৰে দেশৰ সেনাই নান নিন নামৰ এখন গাঁৱত গোলাবৰ্ষণ কৰে। ইয়াৰ পিছত অলপ সময়ৰ পিছতে স্থানীয় বিদ্ৰোহী গোটৰ সৈতে গুলীচালনা আৰম্ভ হয়। পিছত জন্টা সামৰিক চৰকাৰৰ বায়ুসেনা আৰু আৰ্টিলাৰী গাঁওখনত প্ৰৱেশ কৰে। এটা সময়ত তেওঁলোকে স্থানীয় মঠৰ ভিতৰত লুকাই থকা গাঁৱৰ লোকসকলক আক্ৰমণ কৰে। দ্য কান্তৰৱাডী টাইমছে প্ৰকাশ কৰা অনুসৰি প্ৰতিৰক্ষা বাহিনীৰ সদস্যসকলে মঠটোৰ সন্মুখত সন্ন্যাসীকে ধৰি সাধাৰণ নাগৰিকক শাৰী পাতি গুলীচালনা কৰে।

কেএনডিএফে প্ৰকাশ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে মঠটোৰ সন্মুখত কমেও ২০ জন লোক মৃত অৱস্থাত পৰি আছে। কিছুমানে বৌদ্ধ সন্ন্যাসীৰ দৰে কমলা ৰঙৰ পোছাক পৰিধান কৰিছিল। কেএনডিএফৰ দাবী যে প্ৰতিটো মৃতদেহতে একাধিক গুলীৰ আঘাত আছিল। ভিডিঅ’টোত মঠটোৰ দেৱালতো স্পষ্ট গুলীৰ চিন দেখা গৈছে। উল্লেখযোগ্য যে নান নিনৰ বাহিৰেও সেনা জোৱানে ওচৰৰ আন কিছুমান গাঁৱত অভিযান চলাইছিল। সেই সময়ত কেইবাটাও ঘৰত জুই লগাই দিয়া হৈছিল। ফলত হঠাৎ সংঘটিত হোৱা এই অভিযানত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। সামৰিক অভ্যুত্থানৰ পিছৰে পৰা সামৰিক বাহিনীয়ে অঞ্চলটোৰ বিদ্ৰোহী সংগঠনক লক্ষ্য কৰি কেইবাটাও অভিযান চলাইছে। স্থানীয় সূত্ৰৰ মতে, দেশৰ সেনাই অঞ্চলটোত নিয়ন্ত্ৰণ আৰু বিৰোধীক প্ৰতিহত কৰিব বাবে এই অভিযান চলাইছে। ইফালে, ম্যানমাৰত চলিত বৰ্ষত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল।

কিন্তু জন্টা চৰকাৰে প্ৰতিবাদ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। স্মৰ্তব্য যে ম্যানমাৰত সামৰিক শাসনৰ পিছত সশস্ত্ৰ হিংসাত এতিয়ালৈকে ২০০০ৰো অধিক লোক নিহত হৈছে। সামৰিক অভিযানত গ্ৰেপ্তাৰ হৈছে হাজাৰ হাজাৰ বিদ্ৰোহী আৰু জন্টা চৰকাৰৰ বিৰোধী নাগৰিক। সেনাৰ অত্যাচাৰৰ বাবে দেশৰ বহু লোক গৃহহীন হৈ পৰিছে। তথ্য অনুসৰি প্ৰায় ১৫ লাখ লোক স্থানচ্যুত হৈছে। ৪০ হাজাৰ ঘৰ ধ্বংস হয়। ৪০ লাখ শিশু শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ লগতে প্ৰায় ডেৰ কোটি লোক চৰম পুষ্টিহীনতাত ভুগিছে। কেৱল সেয়াই নহয়, সামৰিক অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰৰ অৰ্থনীতি কাৰ্যতঃ স্তব্ধ হৈ পৰিছে।

ম্যানমাৰৰ শ্বান প্ৰদেশৰ বৌদ্ধ মঠত সেনাৰ ভয়ানক আক্ৰমণ, ৩০ জন নিৰীহ নাগৰিক নিহত
"বহু অপেক্ষা কৰিব লগীয়া হ'ল তোমাৰ বাবে": ৰাহুল দ্ৰাবিড়

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in