"বহু অপেক্ষা কৰিব লগীয়া হ'ল তোমাৰ বাবে": ৰাহুল দ্ৰাবিড়

"বহু অপেক্ষা কৰিব লগীয়া হ'ল তোমাৰ বাবে": ৰাহুল দ্ৰাবিড়

ডিজিটেল ডেস্ক : অৱশেষত একেৰাহে চতুৰ্থবাৰলৈ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আহিল ভাৰতৰ হাতলৈ । ১৩ মাৰ্চত শেষ হ'ল চতুৰ্থ তথা অন্তিমখন টেষ্ট । অন্তিমখন টেষ্ট ড্ৰ' হ'লেও ২-১ৰ ব্যৱধানত সম্পূৰ্ণ শৃংখলাটোত জয়ী হ'ল ভাৰত । শৃংখলাটোত ভাৰতে ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন কৰিলেও শৃংখলাটোৰ প্ৰত্যেকখন খেলতেই জিলিকিল বেলেগ বেলেগ খেলুৱৈ । চতুৰ্থখন টেষ্ট যেন লিখা হৈছিল বিৰাট কোহলিৰ বাবেই । কেৰিয়াৰৰ ২৮ সংখ্যক টেষ্ট শতক ভাৰতবাসীক উপহাৰ দিলে ভাৰতীয় দলৰ বিষ্ফোৰক খেলুৱৈ গৰাকীয়ে । ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন আৰু ফিল্ডাৰ গৰাকীয়ে টেষ্টত ইয়াৰ পূৰ্বে অন্তিমটো শতক দেশবাসীক উপহাৰ দিছিল ২০১৯ চনৰ নৱেম্বৰ মাহতেই । তাৰ পাছতেই ক্ৰমাৎ ৩-৪ বছৰৰ বাবে ছন্দ হেৰুৱাই পেলাইছিল খেলুৱৈ গৰাকীয়ে । অৱশ্যে এতিয়া সেইয়া অতীত । এতিয়া পুনৰ ফৰ্ম উভতাই পাইছে খেলুৱৈ গৰাকীয়ে ।

আনহাতে, নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত নিউজিলেণ্ডে জয় লাভ কৰাৰ পাছত এতিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰত আৰু নিউজিলেণ্ডে । এতিয়া অপেক্ষা মাথো ফাইনেললৈ । কিন্তু এই সকলোৰে মাজত ক্ৰীড়াপ্ৰেমীৰ ‍অন্তৰ চুই গ'ল আন এটা সাক্ষাৎকাৰে ।

এই সাক্ষাৎকাৰ আছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক তথা 'দা ৱাল' খ্যাত ৰাহুল দ্ৰাবিড় আৰু বেটছমেন বিৰাট কোহলিৰ মাজত । খেল শেষ হোৱাৰ পাছত খেলপথাৰতেই দুয়োগৰাকীৰ এটি চমু সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল বি চি চি আয়ে । সাক্ষাৎকাৰৰ আৰম্ভণিতেই ৰাহুল দ্ৰাবিড়ে বিৰাট কোহলিক কয় যে এই সাক্ষাৎকাৰৰ বাবে বহু সময় অপেক্ষা কৰিব লগীয়া হ'ল ।

উল্লেখ্য যে, ৰাহুল দ্ৰাবিড়ে ড্ৰেচিং ৰূমৰ পৰা কোহলিয়ে টেষ্টত শতক অৰ্জন কৰা চাবলৈ প্ৰায় ১৬ মাহ অপেক্ষা কৰিব লগীয়া হৈছিল । অৱশ্যে এই অপেক্ষাৰ অন্ত কি সুন্দৰ ৰূপত পৰিল বুলিও জনালে ৰাহুল দ্ৰাবিড়ে ।

"বহু অপেক্ষা কৰিব লগীয়া হ'ল তোমাৰ বাবে": ৰাহুল দ্ৰাবিড়
বাবু আহিল, বৃদ্ধি হ’ল কাজিৰঙাৰ হস্তীবাহিনীৰ সদস্যৰ সংখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in