
ডিজিটেল ডেস্কঃ চুবুৰীয়া ম্যানমাৰত সেনা বাহিনীৰ বিমান আক্ৰমণত ১০০ জন গঞাৰ মৃত্যু হৈছে। ম্যানমাৰত পুনৰ সামৰিক উত্থান হোৱাৰ সমান্তৰালকৈ গণতান্ত্ৰিক চিন্তাত বিশ্বাসী লোকসকলে এই সামৰিক শাসনৰ বিৰোধিতা অব্যাহত ৰাখিছে।
তেনে বিৰোধীৰ দখলত থকা এখন গাঁৱতেই বাৰ্মিজ সেনাই এয়াৰ ষ্ট্ৰাইক কৰে। ফলত ১০০ জন লোকৰ মৃত্যু হৈছে। এই আক্ৰমণত নিহত হৈছে কেইবাটাও শিশু।
ম্যানমাৰৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত ৩০ টাকৈ শিশুৰ মৃত্যু হৈছে। আনহাতে মৃত্যুৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।
সেনা বাহিনীৰো লক্ষ্য এই গাওঁখন নাছিল বুলিও উল্লেখ কৰিছে। সামৰিক জেট আৰু হেলিকপ্টাৰে গাওঁখনত বোমা নিক্ষেপ কৰিছিল।
উল্লেখ্য ইয়াৰ পূৰ্বেও বাৰ্মিজ সেনাই নিজ দেশৰ নাগৰিকৰ ওপৰতেই এয়াৰ ষ্ট্ৰাইক কৰি আহিছে। ২০২১ চনত গণতান্ত্ৰিক চৰকাৰ ভংগ কৰি সকলো নেতা, নেত্ৰীকে কাৰাগাৰত বন্দী কৰি সেনাৰ অভ্যুত্থান হৈছে। তেতিয়াৰে পৰা এতিয়ালৈ ৩ হাজাৰতকৈ অধিক নাগৰিকৰ মৃত্যু হৈছে।