/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d7557e32-e8ad-464d-8b7e-e365016eb74b/dikom_12.jpg)
ডিকম চাহ বাগিচাত নিহত হোৱা ৩ মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ চেক...
ডিজিটেল সংবাদ ডিকমঃ ডিকম নাহৰতলী চাহ বাগিচাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হোৱা তিনি মৃতকৰ পৰিয়াল বৰ্গৰ বাসগৃহত পুৱাই উপস্থিত বিধায়ক পোনাকণ বৰুৱা। পথ দুৰ্ঘটনাত দুখজনক ভাবে মৃত্যু হোৱা নাহৰতলি চাহ বাগিছাৰ তিনিওটি পৰিয়ালক দুৰ্যোগ ব্যৱস্হাপনা বিভাগৰ হৈ পুৱা ৮ বজাত চেক প্ৰদান কৰে বিধায়কগৰাকীয়ে।
উল্লেখ্য, ডিকমত যোৱা সোমবাৰে দুৰ্ঘটনাত পতিত হোৱা তিনিগৰাকী শ্ৰমিক মহিলা ৰীতা বেদিয়া,সুনীতা ভক্তা,মিনা বেদিয়াৰ পৰিয়ালক ২ লাখ টকাৰ চে'ক প্ৰদান কৰে।
আজিৰ চেক প্ৰদান কাৰ্যসূচীৰ পিছতে বিধায়কগৰাকীয়ে নাহৰতলী চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সৈতে মত বিনিময় কৰি এক মিনিত সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায়।
Also Read: পঞ্জাৱৰ আৰ্মি কেম্পত ফায়াৰিংঃ ৪ জন জোৱানৰ মৃত্যু...