ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিলে মহম্মদ ইউনুছে। দেশখনত নৱগঠিত চৰকাৰৰ ৪৩টা মন্ত্ৰালয়ৰ ভিতৰত ২৭টা মন্ত্ৰণালয় নিজৰ দখলত ৰাখিছে ইউনুছে। শুকুৰবাৰে বিয়লি কেবিনেটে এই অন্তৱৰ্তীকালীন চৰকাৰখনৰ দায়িত্ব বিতৰণ কৰি এক অধিসূচনা জাৰি কৰে।
মন্ত্ৰণালয় সমূহ- কেবিনেট বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়,সশস্ত্ৰ বাহিনী,শিক্ষা মন্ত্ৰালয়,পথ পৰিবহণ আৰু দলং মন্ত্ৰালয়,খাদ্য মন্ত্ৰালয়, গৃহ আৰু ৰাজহুৱা কাম মন্ত্ৰালয়,ভূমি মন্ত্ৰালয়,বস্ত্ৰ আৰু পাট মন্ত্ৰালয়, কৃষি মন্ত্ৰালয়,বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়,ৰে’ল মন্ত্ৰালয়, ৰাজহুৱা প্ৰশাসন মন্ত্ৰালয়,শক্তি আৰু খনিজ সম্পদ মন্ত্ৰালয়,জাহাজ মন্ত্ৰালয়, জল সম্পদ মন্ত্ৰালয়, মহিলা আৰু শিশু পৰিক্ৰমা মন্ত্ৰালয়, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়, তথ্য আৰু সম্প্ৰচাৰ,প্ৰবাসী কল্যাণ আৰু বহিঃৰাজ্যৰ নিয়োগ মন্ত্ৰালয়,বাণিজ্য মন্ত্ৰালয়, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়,সংস্কৃতি মন্ত্ৰালয়,অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন মন্ত্ৰালয়,মুক্তি যুদ্ধ মন্ত্ৰালয়,চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্ট মন্ত্ৰালয়, প্ৰাথমিক আৰু গণ শিক্ষা মন্ত্ৰালয়।
বৃহস্পতিবাৰে ডা. ইউনুছৰ নেতৃত্বত ১৭ জনীয়া এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। নিশা ৯:২১ বজাত মহম্মদ ইউনুছকে ধৰি অন্তৱৰ্তীকালীন চৰকাৰৰ ১৪ জন সদস্যই শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰাই ৰাষ্ট্ৰপতি মো সাহাবুদ্দিনে। ইফালে ৩গৰাকী নৱনিযুক্ত উপদেষ্টা ঢাকাৰ বাহিৰত থকাৰ বাবে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে।
উপদেষ্টাসকলৰ ভিতৰত ছালেহ উদ্দিন আহমেদক দুটা মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে। ডাঃ ড. আছিফ নাজৰুলক প্ৰদান কৰে আইন,ন্যায় আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয় আৰু আদিলুৰ ৰহমান খানক উদ্যোগ মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে।
স্থানীয় চৰকাৰ, গ্ৰামোন্নয়ন আৰু সমবায় মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰিছে হাছান আৰিফে। মো তৌহিদ হুছেইনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়,সৈয়দা ৰিজৱানা হাছানক পৰিৱেশ,বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়,শাৰমিন এছ মুৰচিদ সমাজ কল্যাণ মন্ত্ৰালয়,ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ড. এম সাখাৱত হুছেইন গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ড. উঃ.চ. এম. খালিদ হোছেইন ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়,ফৰিদা আখতাৰ মীন আৰু পশুধন মন্ত্ৰালয়, নুৰজাহান বেগম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় প্ৰদান কৰা হৈছে।
বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামক ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। আন এজন সমন্বয়ক আছিফ মাহমুদ ছাজিব ভূঞাক যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰিছে।