কংকাল-আৱৰ্জনাৰে ভৰি পৰিছে মাউণ্ট এভাৰেষ্ট

কংকাল-আৱৰ্জনাৰে ভৰি পৰিছে মাউণ্ট এভাৰেষ্ট

author-image
Asomiya Pratidin
New Update
কংকাল-আৱৰ্জনাৰে ভৰি পৰিছে মাউণ্ট এভাৰেষ্ট

ডিজিটেল ডেস্ক : পৃথিৱীৰ সুউচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টত অন্য এখন পাহাৰ ! এই পাহাৰ অৱশ্যে মানুহে সৃষ্টি কৰা আৱৰ্জনাৰ পাহাৰ। নানা আৱৰ্জনাৰে ভৰি পৰিছে উচ্চতম শৃংগটো।

Advertisment

এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা হেজাৰ হেজাৰ পৰ্বতাৰোহীয়ে কেম্পত আশ্ৰয় লৈ গঢ়ি তুলিছে আৱৰ্জনাৰ পাহাৰ। জীৱশ্ৰেষ্ঠ মানৱৰ এই কাণ্ডই লজ্জানত কৰিছে সচেতন মহলক। এই আৱৰ্জনাসমূহ আঁতৰবলৈ বহু বছৰৰ প্ৰয়োজন হ’ব বুলি নেপাল চৰকাৰে জানিবলৈ দিছে।

চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে ১১ টন আৱৰ্জনা আঁতৰোৱা হৈছে। ইয়াৰে ভিতৰত ৪টা মানুহৰ মৃতদেহ আৰু কংকাল পোৱা বুলি জানিব পৰা গৈছে। এতিয়াও এভাৰেষ্টৰ দক্ষিণ দিশে প্ৰায় ৫০ টন আৱৰ্জনা জমা হৈ আছে।

Also Read: বি টি আৰলৈ গৌৰৱ কঢ়িয়াই আনিলে উদীয়মান খেলুৱৈ বিৰ্জন বসুমতাৰীয়ে

Mount Everest