/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7a4cdd8a-43c7-446f-b941-e7af692af850/35.jpg)
ডিজিটেল সংবাদ,সৰভোগ : বি টি আৰলৈ গৌৰৱ কঢ়িয়াই আনিছে উদীয়মান খেলুৱৈ বিৰ্জন বসুমতাৰীয়ে । দক্ষিণ এছিয়াৰ ফেডাৰেশ্বন অল স্প'ৰ্টচৰ সহযোগত ভূটানত অনুষ্ঠিত হোৱা কুংফু ৱাছু খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকী।
তেঁওৰ ঘৰ পাণবাৰী ছেৰফাংগুৰী মানাশ্ৰীত। জানিব পৰা মতে বন্ধুৰ পৰা পোছাক সংগ্ৰহ কৰি উক্ত প্ৰতিযোগিতালৈ গৈছিল বিৰ্জন বসুমতাৰী। কুংফু ৱাছু খেলত সোণৰ পদক লাভ কৰা এই খেলুৱৈগৰাকীৰ সাফল্যত আনন্দিত হৈ পৰে বি টি আৰৰ প্ৰধান প্ৰমোদ বড়ো।
ইয়াৰোপৰি বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে বিৰ্জন বসুমতাৰীৰ ঘৰত উপস্থিত হৈ খেলৰ লগতে ঘৰৰ আৰ্থিক অৱস্থাৰ বুজ লয়। লগতে তেঁওক অভিনন্দন জনায়।
ইফালে এই খবৰ লাভ কৰি প্ৰমোদ বড়োৱে লগে লগে ধনঞ্জয় বসুমতাৰীক বিৰ্জন বসুমতাৰীৰ পৰিয়ালক এটি পকী ঘৰ দিবলৈ নিৰ্দেশ দিয়ে। ধনঞ্জয় বসুমতাৰীয়ে বিৰ্জন বসুমতাৰীৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ লগতে তেওঁৰ সকলো দায়িত্ব বহন কৰিব বুলিও আশ্বাস দিয়ে।
উল্লেখ্য যে যোৱা ২১ জুনৰ পৰা ২৩ জুনলৈ ভূটানত অনুষ্ঠিত হৈছিল উক্ত প্ৰতিযোগিতাখন।
Also Read: মিচিং জনগোষ্ঠীৰ পাংগিং বংশাৱলীৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন