নক আউট পৰ্যায়ৰ পৰা বাহিৰ স্পেইন, চুইজাৰলেণ্ড...

কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি মৰক্কো, পৰ্টুগালৰ
নক আউট পৰ্যায়ৰ পৰা বাহিৰ স্পেইন, চুইজাৰলেণ্ড...

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ বিশ্বকাপৰ শেষ হ'ব নোখোজা অঘটনৰ আন এক উদাহৰণ ৰুজু কৰিলে স্পেইনে । শেষ নিশা নক আউট পৰ্যায়ৰ খেলত মৰক্কোৰ বিৰুদ্ধে সমগ্ৰ খেলত আধিপত্য বজাই ৰাখিও জয়ী হ'ব নোৱাৰিলে স্পেইন । পেনাল্টী শ্বুট-আউটৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ বিশ্বকাপৰ পৰা নক আউট পৰ্যায়তে বিদায় মাগিলে ২০১০ বৰ্ষৰ বিশ্বকাপ চেম্পিয়ন স্পেইনে ।

উল্লেখ্য যে, সমগ্ৰ খেলখনতেই স্পেইনৰ আধিপত্য প্ৰত্যক্ষ কৰিছিল দৰ্শকে । টিকি টাকা শৈলীৰে এক উৎকৃষ্ট মানৰ ফুটবল খেলৰ প্ৰদৰ্শন কৰা খেলখনত ১০১৯ টা পাছেৰে মৰক্কোক ব্যতিব্যস্ত কৰি তুলিছিল স্পেইনে । কিন্তু গ'লশূণ্য খেলখন পেনাল্টী শ্বুট আউটলৈ নিব লগীয়া হোৱাৰ বাবেই পৰাস্ত হ'ল স্পেইন ।

আনহাতে, যিটো দলৰ পূৰ্বৰ গ'লৰক্ষক আছিল আইকাৰ কেছিলাছৰ দৰে অভেদ্য দূৰ্গ, যাৰ বাবেই সম্ভৱ হৈছিল ২০১০ চনত স্পেইনৰ বিজয় । তেনে এটি দলৰ পেনাল্টী শ্বুট আউটত এনে শোচনীয় অৱস্থা হয়তো কোনো ক্ৰীড়াপ্ৰেমীয়েই কল্পনা কৰিব পৰা নাছিল ।

নক আউট পৰ্যায়ৰ আনখন খেলত পৰ্টুগালৰ সন্মুখত ধৰাশায়ী হৈ পৰে চুইজাৰলেণ্ড । ৬-১ গ'লৰ ব্যৱধানত চুইজাৰলেণ্ডৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰাৰ সপোন ভাগি বিজয় লাভ কৰে পৰ্টুগালে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in