BCCI ৰ ডাঙৰ সিদ্ধান্ত! ভাৰতীয় মহিলা ক্ৰিকেট দলৰ নতুন বেটিং প্ৰশিক্ষক নিযুক্তি

মহিলাৰ টি-২০ বিশ্বকাপ আৰম্ভ হ'বলৈ মাত্ৰ দুমাহ বাকী আছে। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰমেশ পোৱাৰক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰিছে।
hrishikesh kanitkar
hrishikesh kanitkar

ডিজিটেল ডেস্ক: মহিলাৰ টি-২০ বিশ্বকাপ আৰম্ভ হ'বলৈ মাত্ৰ দুমাহ বাকী আছে। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰমেশ পোৱাৰক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰিছে।

বিচিচিআইয়ে মহিলা দল(জ্যেষ্ঠ) ৰ মুখ্য প্ৰশিক্ষকৰ নাম ঘোষণা কৰা নাই কিন্তু ঘোষণা কৰিছে বেটিং প্ৰশিক্ষকৰ নাম।ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে মনোনীত হৃষীকেশ কানিটকাৰ। ৯ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া ঘৰুৱা শৃংখলাৰ পৰা দায়িত্ব গ্ৰহণ কৰিব কানিটকাৰে।

১৯৯৭ চনৰ পৰা আৰু ২০০০ চনৰ ভিতৰত কানিটকাৰে ভাৰতৰ হৈ ২ খন টেষ্ট আৰু ৩৪ খন এদিনীয়া খেলিছিল । তেওঁৰ বেল্টৰ অধীনক ১০,০০০ ৰো অধিক প্ৰথম শ্ৰেণীৰ ৰাণ সংগ্ৰহ কৰিছিল।

কানিটকাৰে বিগত সাত বছৰত বিভিন্ন স্তৰত প্ৰশিক্ষক আছিল যাৰ বাবে এই দায়িত্বৰ বাবে তেওঁক যোগ্য বুলি ক'ব পাৰি। তেওঁ ৰঞ্জী ট্ৰফীত গোৱাৰ প্ৰশিক্ষক আছিল । তেওঁ ২০২২ চনৰ ভাৰতৰ অনুৰ্ধ-১৯ বিশ্বকাপ বিজয়ৰ প্ৰশিক্ষক আছিল । ইয়াৰোপৰি আৰু বহু বিশেষ দায়িত্বত আছিল তেওঁ।

উল্লেখ্য যে, মহিলা টি-২০ বিশ্বকাপ ২০২৩, ফেব্ৰুৱাৰীৰ ১০ৰ পৰা ২৬ তাৰিখৰকি কৰিলে বাবু ৰাওৱে! থানাত হাজিৰ হ'বলৈ জৰুৰী চমন কলকাতা আৰক্ষীৰ ভিতৰত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'ব। হৃষীকেশ কানিটকাৰৰ প্ৰশিক্ষণৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিজ্ঞতা আছে।

এই সন্দৰ্ভত হৃষীকেশ কানিটকাৰে কয় যে, "জ্যেষ্ঠ মহিলা দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাটো এক সন্মানৰ বিষয়। মই এই দলটোত যথেষ্ট সম্ভাৱনা দেখিছো। মই বিশ্বাস কৰোঁ যে এই দলটো আগন্তুক প্ৰত্যাহ্বানৰ বাবে সাজু। আমাৰ আগত কিছুমান ডাঙৰ প্ৰতিযোগিতা আহি আছে আৰু এইটো দলটোৰ বাবে আৰু বেটিং প্ৰশিক্ষক হিচাপে মোৰ বাবে ৰোমাঞ্চকৰ হ'ব," ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in