মৰক্কোত ভূমিকম্পৰ প্ৰবল জোকাৰণিঃ বৃদ্ধি পাইছে নিহতৰ সংখ্যা

মৰক্কোত ভূমিকম্পৰ প্ৰবল জোকাৰণিঃ বৃদ্ধি পাইছে নিহতৰ সংখ্যা

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা মৰক্কোত বৃহৎ ভূমিকম্পৰ জোকাৰণি। প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ জোকাৰণিয়ে দেশখনক জোকাৰি যোৱাত অতি কমেও ২৯৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানেও আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত উৎপন্ন হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়।

মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত তথা আহতৰ সংখ্যা যদিও এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ পোৱা নাই তথাপিও দেশখনত বৃহৎ ক্ষয়-ক্ষতি হোৱাৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সমান্তৰালভাবে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা প্ৰকাশ কৰিছে উদ্ধাৰকাৰী দলে।

উল্লেখ্য যে, ২০০৪ চনত উত্তৰ-পূব মৰক্কোৰ আল হোচেইমাত ভূমিকম্পৰ ফলত কমেও ৬২৮ জন লোক নিহত আৰু ৯২৬ জন আহত হৈছিল। ইয়াৰ পিছত এয়াই দেশখনৰ আন এক ডাঙৰ ভূমিকম্প বুলি জানিব পৰা গৈছে।

মৰক্কোত ভূমিকম্পৰ প্ৰবল জোকাৰণিঃ বৃদ্ধি পাইছে নিহতৰ সংখ্যা
২৫০ কোটিটকীয়া কেলেংকাৰীঃ গ্রেপ্তাৰ অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in