২৫০ কোটিটকীয়া কেলেংকাৰীঃ গ্রেপ্তাৰ অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী

২৫০ কোটিটকীয়া কেলেংকাৰীঃ গ্রেপ্তাৰ অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী

author-image
Asomiya Pratidin
New Update
২৫০ কোটিটকীয়া কেলেংকাৰীঃ গ্রেপ্তাৰ অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী

ডিজিটেল ডেস্কঃ অন্ধ্রপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা তেলেগু দেশমৰ মুৰব্বী চন্দ্রবাবু নাইডুক গ্রেপ্তাৰ। কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত চি আই ডিয়ে গ্রেপ্তাৰ কৰিছে নেতাগৰাকীক। শনিবাৰৰ পুৱাই ৰাজ্যখনৰ নন্দীয়াল জিলাৰ পৰা গ্রেপ্তাৰ কৰা হয় নাইডুক।

Advertisment

জানিব পৰা অনুসৰি দক্ষতা বিকাশ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় চন্দ্রবাবুক। চন্দ্রবাবু নাইডুৰ বিৰুদ্ধে বিগত সময়ত দক্ষতা বিকাশৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত চলি আছিল। এই গোচৰ অনুসৰি ২৫০ কোটিটকীয়া কেলেংকাৰীৰ অভিযোগ আছে নাইডুৰ বিৰুদ্ধে।

উল্লেখ্য যে, চন্দ্রবাবু নাইডুৰ পুত্র নাৰা লোকেশকো সোধা-পোছাৰ বাবে আটক কৰিছে চি আই ডিয়ে। নাৰা লোকেশ ৰাজ্যখনৰ পূব গোদাবৰী জিলাৰ বিধায়ক। এই ঘটনাই এতিয়া অন্ধ্ৰ প্ৰদেশৰ লগতে দেশৰে ৰাজনীতিত তোলপাৰ লগাইছে।

Also Read: শিলসাঁকোৰ উচ্ছেদিতলৈ ক্ষতিপূৰণৰ ধন মুকলি জিলা প্ৰশাসনৰ

andhra pradesh cid Govt of India