মৰক্কোত অন্ত পৰা নাই কন্দোনৰ ৰোলঃ বৃদ্ধি পায়েই আছে মৃতকৰ সংখ্যা

মৰক্কোত অন্ত পৰা নাই কন্দোনৰ ৰোলঃ বৃদ্ধি পায়েই আছে মৃতকৰ সংখ্যা

ডিজিটেল ডেস্কঃ দুই সহস্ৰাধিকলৈ বৃদ্ধি মৰক্কোত ভূঁইকঁপে প্ৰাণ লোৱা লোকৰ সংখ্যা। চহৰখনত ৪দিনৰ পাছতো অব্যাহত আছে উদ্ধাৰ অভিযান। বিগত ৮ ছেপ্টম্বৰত মৰক্কো জোকাৰি গৈছিল এক শিহৰণকাৰী ভূঁইকঁপে। চহৰখনৰ পথ-গৃহ থানবান কৰা এই ভূঁইকঁপে হাজাৰৰো অধিকলোকৰ প্ৰাণ কাঢ়ি নিয়াৰ খবৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকাশ পাইছিল।

পিছে বৰ্তমান চহৰখনত ভূঁইকঁপে প্ৰাণ লোৱা মৃতকৰ সংখ্যা ২,৮৬২ লৈ বৃদ্ধি পায়। অৱশ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি চহৰখনৰ প্ৰশাসন তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰখাত ভূঁইকঁপত প্ৰাণ যোৱা মৃতকৰ সংখ্যা আনুষ্ঠানিকভাবে ঘোষণা কৰা নাই।

উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। চহৰখনৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেনা, বায়ু সেনা নামি পৰিছে উদ্ধাৰ অভিযানত। আনহাতে আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও আহতৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱাত হাস্পতালতসমূহতো সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ।

উল্লেখ্য যে, মৰক্কোৰ আটাইতকৈ ডাঙৰ ভূঁইকঁপ বুলি অভিহিত কৰা এই ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.৮ ৰিখটাৰ। ইয়াৰ পূৰ্বে মৰক্কোত ১৯৬০ চনত হোৱা ভূঁইকঁপক আটাইতকৈ ভয়ংকৰ বুলি অভিহিত কৰি আহিছিল। যি ভূঁইকঁপৰ ফলত প্ৰাণ হেৰুৱাইছিল ১২,০০০-১৫,০০০ লোকে।

মৰক্কোত অন্ত পৰা নাই কন্দোনৰ ৰোলঃ বৃদ্ধি পায়েই আছে মৃতকৰ সংখ্যা
"স্ব-ইচ্ছাৰেই পি অ' কে হ'ব ভাৰতৰ অংশ"- ভি কে সিং

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in