"স্ব-ইচ্ছাৰেই পি অ' কে হ'ব ভাৰতৰ অংশ"- ভি কে সিং

"স্ব-ইচ্ছাৰেই পি অ' কে হ'ব ভাৰতৰ অংশ"- ভি কে সিং
Published on
Updated on

ডিজিটেল ডেস্কঃ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী ভি কে সিঙে এক চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে, পাকিস্তানৰ দখলত থকা কাশ্মীৰ নিজাববীয়াকৈ ভাৰতৰ সৈতে একত্ৰিত হ’ব। ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তন সংকল্প যাত্ৰা কাৰ্যসূচীৰ সময়ত ৰাজস্থানৰ দৌছাত উপস্থিত হৈ এই মন্তব্য কৰে ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী ভি কে সিঙে।

ভাৰতৰ সৈতে কাৰ্গিল সীমান্ত ক্ৰছিং মুকলি কৰিবলৈ বিচৰা ছিয়া মুছলমানসকলৰ দাবী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সিঙে কয় যে, পাক অধীনস্থ কাশ্মীৰ নিজাববীয়াকৈ ভাৰতৰ সৈতে একত্ৰিত হ’ব। কিন্তু তাৰবাবে ভাৰতে  কিছু সময় অপেক্ষা কৰিব লাগিব বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তানত বিভক্ত পাক অধীনস্থ কাশ্মীৰৰ মুঠ জনসংখ্যা প্ৰায় ৪৫ লাখ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, ইয়াৰে ৯৭ শতাংশ মুছলমান, ৩ শতাংশ হিন্দু আৰু খ্ৰীষ্টানকে ধৰি আন সংখ্যালঘুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in