ভাৰত বিৰোধী স্থিতিঃ মে' মাহৰ ভিতৰত ভাৰতীয় সেনাই ত্য়াগ কৰিব লাগিব মালদ্বীপ

মালদ্বীপে কোনো দেশক আমাৰ সাৰ্বভৌমত্ব হস্তক্ষেপ বা ক্ষতিগ্ৰস্ত কৰিবলৈ অনুমতি নিদিয়ে।

author-image
Asomiya Pratidin
New Update
ভাৰত বিৰোধী স্থিতিঃ মে' মাহৰ ভিতৰত ভাৰতীয় সেনাই ত্য়াগ কৰিব লাগিব মালদ্বীপ

ডিজিটেল ডেস্কঃ ভাৰত বিৰোধীস্থিতি অটল আছে মালদ্বীপৰ ৰাষ্ট্ৰপতি। পুনৰ ভাৰতৰ বিৰুদ্ধে নিজৰ স্থিতি প্ৰকাশ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জোৱে সোমবাৰে সংসদত কয় যে মালদ্বীপে কোনো দেশক আমাৰ সাৰ্বভৌমত্ব হস্তক্ষেপ বা ক্ষতিগ্ৰস্ত কৰিবলৈ অনুমতি নিদিয়ে।

Advertisment

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেওঁ কয় যে নতুন দিল্লী আৰু মালদ্বীপ সন্মত হৈছে যে ভাৰতীয় সৈন্যই ১০ মে'ৰ ভিতৰত মালদ্বীপ ত্যাগ কৰিব। ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে দ্বীপৰাষ্ট্ৰখনৰ তিনিটা বিমান প্লেটফৰ্মৰ এটাত থকা ভাৰতীয় সৈন্য ১০ মাৰ্চৰ ভিতৰত প্ৰত্যাহাৰ কৰিব আৰু আন দুটাত থকা সৈন্য ১০ মে'ৰ ভিতৰত প্ৰত্যাহাৰ কৰা হব।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, "মালদ্বীপে ভাৰতৰ সৈতে চুক্তি নৱীকৰণ নকৰে। আমি কোনো দেশক আমাৰ সাৰ্বভৌমত্বত হস্তক্ষেপ কৰিবলৈ অনুমতি নিদিওঁ।" ৰাষ্ট্ৰপতিগৰাকীৰ এই সিদ্ধান্তত মালদ্বীপ চৰকাৰৰ বিৰোধী দলে সমালোচনা কৰি কৈছে যে এই সিদ্ধান্ত ৰাষ্ট্ৰখনৰ বাবে হানিকাৰক।

উল্লেখ্য যে, বৰ্তমান মালদ্বীপত ভাৰতত প্ৰায় ৮০ জন সামৰিক কৰ্মী আছে।

যোৱা বছৰ নৱেম্বৰত মুইজ্জুৱে ক্ষমতালৈ অহাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত চীন সমৰ্থনকাৰী ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে দেশখনৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰি তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব।

Also Read: মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট

maldives india