মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট

মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট

ডিজিটেল ডেস্কঃ মস্কোত থকা ভাৰতীয় দূতবাসত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰী কৰা এজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ সন্ত্ৰাসবাদ বিৰোধী দলে (ATS)। ২০২১ চনৰ পৰা দূতবাসত নিযুক্তি লাভ কৰা সতেন্দ্ৰ ছিৱালে হাপুৰৰ বাসিন্দা হিচাপে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত এমটিএছ হিচাপে কাম কৰি আছিল।

এটিএছয়ে বিভিন্ন গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি আছিল যে পাকিস্তানী চোৰাংচোৱা সংস্থা আই.এছ.আইয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলক ধনৰ প্ৰলোভন দিছিল আৰু ইয়াৰ জৰিয়তে ভাৰতীয় সেনাৰ তথ্য় জনাৰ চেষ্টা কৰিছিল। এনে কাম ভাৰতৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ বাবে এক ডাঙৰ ভাবুকি।

পৰৱৰ্তী সময়ত তথ্য লাভ কৰিছিল যে সতেন্দ্ৰ চিৱাল আইএছআই হেণ্ডলাৰৰ নেটৱৰ্কৰ সৈতে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছিল। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় সামৰিক প্ৰতিষ্ঠানসমূহৰ কৌশলগত কাৰ্যকলাপৰ বিষয়ে গোপনীয় তথ্য যোগান ধৰিছিল পাকিস্তানক।

এই সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পাছত অভিযুক্তক জেৰা চলাইছিল যদিও তেওঁ সন্তোষজনক উত্তৰ দিব পৰা নাছিল আৰু পাছত গ্ৰেপ্তাৰ হৈছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত এটিএছে তদন্ত অব্যাহত ৰাখিছে।

মস্কোৰ ভাৰতীয় দূতবাসত পাকিস্তানৰ এজেন্ট
বৰপেটাৰ হাউলীত শোকাৱহ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in