ৰাছিয়াৰ হৈ যুদ্ধত অংশ ল'বলৈ বাধ্য কৰোৱা হৈছে এছিয়াৰ শ্ৰমিকক

ৰাছিয়াৰ হৈ যুদ্ধত অংশ ল'বলৈ বাধ্য কৰোৱা হৈছে এছিয়াৰ শ্ৰমিকক

ডিজিটেল ডেস্ক : ধ্বংসস্তূপত পৰিণত বিশ্ব ।এফালে যদি ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন, আনফালে আকৌ তুৰস্ক, ছিৰিয়াৰ ভূমিকম্প । কেৱল মৃত্যুৰ কিৰীলি চৌদিশে । কিন্তু তুৰস্ক, ছিৰিয়াৰ ভূমিকম্প সম্পূৰ্ণ ৰূপে প্ৰকৃতিৰ লীলা অৱশ্যে ক্ষয়-ক্ষতি কিছু পৰিমাণে ৰোধ কৰিব পৰা গ'ল হয় বিভিন্ন পূৰ্ব পৰিকল্পিত উপায়েৰে ।

আনহাতে, ৰাছিয়াৰ আগ্ৰাসন সম্পূৰ্ণ মানৱ সৃষ্ট আৰু ক্ষমতালোভী শাসকৰ লালসাৰ ফচল । এই লালসাই বিগত এটা বছৰত ক্ৰমাৎ ভয়াৱহ আৰু কুৎসিত ৰূপ লৈছে । প্ৰথমে কেৱল ৰাছিয়ান সেনাই আক্ৰমণ চলাইছিল ইউক্ৰেইনৰ কিছু অঞ্চলত । পাছত এই আক্ৰমণ বৃদ্ধি হয় ইউক্ৰেইনৰ ৰাজধানী চহৰলৈ । প্ৰথনে আক্ৰমণ চলাইছিল ৰাছিয়ান সেনাই, এক বৃহৎ সংখ্যক সেনা ইউক্ৰেনিয়ান সেনাৰ হাতত নিহত হোৱাৰ পাছত ৰাছিয়ানৰ কাৰাগাৰত বন্দী হৈ থকা সকলো অপৰাধীক যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হ'ল । কিন্তু কেৱল তাতেই শেষ নহ'ল সমস্যাৰ । এতিয়া ৰাছিয়াৰ হৈ যুদ্ধত যাবলৈ বাধ্য কৰোৱা হৈছে মধ্য এছিয়া অৰ্থাৎ উজবেকিস্তান, কাজাখাস্তান, আফগানিস্তান, মংগোলিয়া আদি দেশৰ পৰা যোৱা শ্ৰমিক সকলক । এই সকল শ্ৰমিকৰ পৰা লোৱা নহ'ল কোনো ধৰণৰ সন্মতি । কেৱল এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰাই যুদ্ধক্ষেত্ৰত গণ্ডাই গণ্ডাই পঠিয়াই দিয়া হ'ল ।

এই শ্ৰমিক সকলে নিশ্চয়কৈ যুদ্ধক্ষেত্ৰত অংশ ল'বলৈ ৰাছিয়ালৈ প্ৰব্ৰজন কৰা নাছিল । কেৱল উপাৰ্জনৰ খাতিৰত অন্য এখন দেশলৈ প্ৰব্ৰজন কৰা লোকসকলক যুদ্ধক্ষেত্ৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত নীৰৱ ৰাষ্ট্ৰসংঘও । জীৱনৰ মূল্য আৰু মৌলিক অধিকাৰো যেন কিছু সংখ্যকৰ বাবেহে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in