মেছিৰ দুভৰিৰ যাদুত জীপাল আৰ্জেন্টিনাৰ আশা...

মেছিৰ দুভৰিৰ যাদুত জীপাল আৰ্জেন্টিনাৰ আশা...

ডিজিটেল ডেস্ক : ১৯৯৪ চনৰ কথা, ফুটবলৰ ৰাজকুমাৰ মাৰাডোনাই অৱসৰ লোৱা ৪ বছৰ পাছত পুনৰ উভতাই অনা হৈছিল বিশ্বকাপত আৰ্জেন্টিনাৰ মান ৰাখিবলৈ । মাৰাডোনাই গ্ৰুপ পৰ্যায়ৰ খেলত গ্ৰীছৰ বিৰুদ্ধে কৰা গ'লটিৰ সৈতেই আৰ্জেন্টিনা সফল হৈছিল ৰাউণ্ড ১৬লৈ যাবলৈ ।

মাৰাডোনাৰ অন্তিম খেলৰ ৮ বছৰ পাছত আৰ্জেন্টিনাৰ হৈ ফিফা বিশ্বকাপৰ প্ৰথমখন খেলত যোগদান কৰিছিল আন এজন যাদুকৰে । সেই যাদুকৰ জনেও ২০১৬ চনৰ কোপা আমেৰিকাৰ ফাইনেলত পৰাস্ত হৈ অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছিল । কিন্তু তেতিয়াও যেন বহু যাদুকৰী সাধু বাকী আছিল যাদুকৰৰ দুভৰিত । ক্ৰমাৎ জয় কৰি গ'ল এটাৰ পাছত আনটো বেলন ডি অ'ৰ । ২০২২ চনত কোপা আমেৰিকাৰ খিতাপ আহি পালে আৰ্জেন্টিনা ।

সুদীৰ্ঘ ৩ বছৰৰ মূৰত অশ্বমেধ জজ্ঞৰ ঘোৰা স্তব্ধ হৈছিল ২০২২ চনৰ ফিফা বিশ্বকাপৰ প্ৰথমখন খেলত চৌদি আৰৱৰ বিৰুদ্ধে । তাৰ পাছতেই কঠিন হৈ পৰিছিল আৰ্জেন্টিনাৰ বিশ্বকাপ জয়ৰ সপোন । কিন্তু যাদুকৰে নিৰাশ নকৰিলে বিশ্বৰ কোটি কোটি দৰ্শকক । মেক্সিকোৰ দুৰ্ভেদ্য দুৰ্গস্বৰূপ ডিফেণ্ডাৰ আৰু অন্যতম শ্ৰেষ্ঠ গ'লৰক্ষক অচোৱাক প্ৰতিহত কৰি খেলৰ ৬৪ মিনিটত প্ৰতিপক্ষৰ নেটৰ ভিতৰলৈ ঠেলি পঠিয়াই বলটো । আৰ্জেন্টিনাৰ হৈ আনটো গ'ল দিয়ে চেন্টাৰ মিডফিল্ডাৰ ফাৰ্নাণ্ডেজে ।

ইয়াৰ সৈতেই ২০০৪ চনৰ পৰাই মেক্সিকোৰ বিৰুদ্ধে জয়ৰ ধাৰা আৰু বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ড খেলাৰ আশা জীয়াই ৰাখে লেটিন আমেৰিকান দলটিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in