পৰিচয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱত অসমীয়া কবিৰ কবিতা পাঠ, গ্ৰন্থ উন্মোচন...

উৰিষ্যাৰ আগশাৰীৰ সাহিত্য সংগঠন পৰিচয় ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য উৎসৱ

author-image
Asomiya Pratidin
New Update
পৰিচয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱত অসমীয়া কবিৰ কবিতা পাঠ, গ্ৰন্থ উন্মোচন...

mariyani

ডিজিটেল সংবাদ, মৰিয়নি : উৰিষ্যাৰ আগশাৰীৰ সাহিত্য সংগঠন পৰিচয় ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য উৎসৱ। এই উৎসৱত অসমৰ চাৰিগৰাকী কবি ক্ৰমে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিচ উজ জামান, কবি- ঔপন্যাসিক-গল্পকাৰ মনোজ কুমাৰ দেওৰজা, সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি উজ্জ্বল পাওগাম আৰু স্বামীম আখতাৰে কবিতা পাঠ কৰি অসমলৈ গৌৰৱ কঢ়িয়াইছে।

Advertisment

কলিকতাৰ ৰটাৰী সদনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত উৎসৱতে মনোজ কুমাৰ দেওৰজাৰ অনুসৃজন গ্ৰন্থ "প্ৰিয়তমা" আৰু আনিচ উচ জামানৰ অনুবাদ গ্ৰন্থ "sprout leaves quicken" উন্মোচন কৰা হয়।

আৰু পঢ়ক : কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত 'সময় বালিত ৰূপালী খোজ'...

assam International Literary Festival porisoy mariyani