অসম, মেঘালয়ত বৰষুণঃ বাংলাদেশৰ ছিলেটত ভয়াবহ বান, ৭ লাখ লোক ক্ষতিগ্ৰস্ত

ছিলেট নগৰ সম্পূৰ্ণৰূপে পানীৰ তলত

author-image
Asomiya Pratidin
New Update
অসম, মেঘালয়ত বৰষুণঃ বাংলাদেশৰ ছিলেটত ভয়াবহ বান, ৭ লাখ লোক ক্ষতিগ্ৰস্ত

অসম, মেঘালয়ত বৰষুণঃ বাংলাদেশৰ ছিলেটত ভয়াবহ বান, ৭ লাখ লোক ক্ষতিগ্ৰস্ত

মাছুম বিল্লাহ, ঢাকাঃ অসম আৰু মেঘালয়ত অব্যাহত থকা মুষলধাৰ বৰষুণে চুবুৰীয়া বাংলাদেশৰ ছিলেট জিলাত ভয়াৱহ বানপানীৰ সৃষ্টি কৰিছে। মেঘালয় পাহাৰ আৰু অসমৰ পৰা নামি যোৱা পানীৰ ফলত সীমান্তৱৰ্তী উপ-জিলাসমূহৰ লগতে আন ছয়খন উপজিলাত ৭ লাখ লোক জলবন্দী হৈ পৰিছে। এতিয়াও নতুন নতুন অঞ্চললৈ বান সম্প্ৰসাৰিত হৈ প্লাবিত কৰিয়েই আছে।

Advertisment

ইফালে, নেৰানেপেৰা বৰষুণৰ ফলত ছিলেট নগৰৰ বিভিন্ন অঞ্চলত সুৰমা নদীৰ পানী সোমাইছে। নগৰখন একপ্ৰকাৰে জলবন্দী হৈ পৰিছে। স্থানীয় লোকসকলক ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। ছিলেট জিলা প্ৰশাসনৰ তথ্য অনুসৰি ছিলেট নগৰত ৫০ হাজাৰ আৰু ছিলেটৰ ১৩ খন উপ-জিলাত ৬.৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

বাংলাদেশ জল উন্নয়ন ব’ৰ্ডৰ তথ্যমতে মঙ্গলবাৰে সন্ধিয়া ৬ বজা পৰ্যন্ত সুৰমা নদীৰ পানী কানাইঘাট পইণ্টত বীপদসীমাৰ ১২২ ছেণ্টিমিটাৰ ওপৰেদি বৈ আছে। ইয়াৰ উপৰি ছিলেট পইণ্টত এই নদীখন ২৭ ছেণ্টিমিটাৰ, অমলছীদ পইণ্টত কুশিয়াৰা নদী ৪৭ ছেণ্টিমিটাৰ ওপৰেদে আৰু ফেঞ্চুগঞ্জত ৮৮ ছেণ্টিমিটাৰ ওপৰেদি বৈ আছে।  

শ্বাহজালাল উপ-চহৰ, বাৰাইকান্দি, জাতাৰপুৰ, মেণ্ডিবাগ, শিবগঞ্জ, ৰায়নগৰ, সোভানিঘাট, কালীঘাট, কমলগড়, মছিমপুৰ, তালতালা, জামটোলা, কাজিৰবজাৰ, মদিনা বজাৰ, আখালিয়া আৰু মেজৰিলাকে ধৰি ছিলেট চহৰৰ বেছিভাগ অঞ্চলতে সুৰমা নদীৰ পানী সোমাইছে। ইয়াৰ উপৰিও, জিলাখনৰ গোৱাইংঘাট আৰু কম্পানিগঞ্জ উপজিলাসমূহৰ আঞ্চলিক পথসমূহ বানপানীত ডুব গৈছে। ফলত পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। ঘৰবোৰ জলমগ্ন হোৱাৰ উপৰিও, বহুতো কৃষিভূমিৰ শস্যও বানত ডুব গৈছে। মৎস্য পালকসকলৰো যথেষ্ট ক্ষতি হৈছে। কিয়নো পুখুৰীৰ মাছ বানত ওলাই গৈছে।

এনে পৰিস্থিতিত প্ৰশাসনে ৬২৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে। এই আশ্ৰয় শিবিৰত ১৭ হাজাৰ ২৮৫ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ছিলেটৰ অতিৰিক্ত উপায়ুক্ত মোবাৰাক হুছেইনে কয় যে, বানপীড়িত উপজিলাত আশ্ৰয় কেন্দ্ৰ খোলা হৈছে। জিলা প্ৰশাসনে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সৰ্বাংগীন প্ৰস্তুতি হাতত লৈছে। জিলা আৰু উপজিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। উপজিলা আৰু জিলা পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে। বানপীড়িত লোকসকলক আশ্ৰয়স্থলীলৈ অনা হৈছে। খুব কম সময়ৰ ভিতৰত সকলোকে সকাহ প্ৰদান কৰা হ'ব।

Also Read: সুৰাসক্ত সাংসদ কন্যাৰ গাড়ীৰ খুন্দাত নিহত চিত্ৰশিল্পীঃ ৰাজনৈতিক প্ৰভাৱতে লাভ কৰিলে জামিন!

বাংলাদেশ বানপানী