সুৰাসক্ত সাংসদ কন্যাৰ গাড়ীৰ খুন্দাত নিহত চিত্ৰশিল্পীঃ ৰাজনৈতিক প্ৰভাৱতে লাভ কৰিলে জামিন!

পুনে কাণ্ডৰ পুনৰাবৃত্তি চেন্নাইত
সুৰাসক্ত সাংসদ কন্যাৰ গাড়ীৰ খুন্দাত নিহত চিত্ৰশিল্পীঃ ৰাজনৈতিক প্ৰভাৱতে লাভ কৰিলে জামিন!
সুৰাসক্ত সাংসদ কন্যাৰ গাড়ীৰ খুন্দাত নিহত চিত্ৰশিল্পীঃ ৰাজনৈতিক প্ৰভাৱতে লাভ কৰিলে জামিন!
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনেত সংঘটিত হোৱা প'ৰ্শ্বে কাণ্ডৰ প্ৰতিক্ৰিয়া দেশজুৰি এতিয়াও অব্যাহত আছে। তাৰ মাজতেই এইবাৰ পুনৰ এগৰাকী সাংসদ কন্যাৰ বিৰুদ্ধে উত্থাপিত হৈছে অনুৰূপ অভিযোগ। উত্থাপিত অভিযোগ অনুসৰি সুৰা সেৱন কৰি এই সাংসদ কন্যাই শুই থকা অৱস্থাত এজন যুৱকক খুন্দিয়াই হত্যা কৰিলে। তাৰ পাছতো ৰাজনৈতিক প্ৰভাৱতে জামিন লাভ কৰিলে এই সাংসদ কন্যাই। ইয়াকে লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে।

চেন্নাইত সংঘটিত হোৱা এই ঘটনা যেন পুনেৰ প'ৰ্শ্বে কাণ্ডৰে পুনৰাবৃত্তি। অভিযুক্ত মহিলাগৰাকীৰ পিতৃ এগৰাকী ৰাজ্যসভাৰ সাংসদ। সেয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে ৰাজনৈতিক প্ৰভাৱত সাংসদ পিতৃয়ে জীয়ৰীক মুকলি কৰি আনিবলৈ সক্ষম হ'ল।

আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ৱাই এছ আৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ বেদ মস্তান ৰাওৰ কন্যা মাধুৰীয়ে সোমবাৰে নিশা তেওঁৰ বন্ধুৰ সৈতে এখন বি এম ডব্লিউ গাড়ীত আহি আছিল। চালকৰ আসনত আছিল সুৰা সেৱন কৰি থকা মাধুৰী।

তাৰ মাজতে সুৰামত্ত অৱস্থাত থকা মাধুৰীয়ে গাড়ীখন বসন্তনগৰ অঞ্চলত ফুটপাথলৈ লৈ যায়। সেই সময়ত ফুটপাথত সূৰ্য নামৰ এজন যুৱক শুই আছিল। ফলত বি এম ডব্লিউ বাহনখন গৈ যুৱকজনৰ গাত উঠেগৈ। ইয়াৰ পিছতে সেই স্থানৰ পৰা বাহনখনেৰে পলায়ন কৰে সাংসদ কন্যা মাধুৰী।

কিন্তু দুৰ্ঘটনাৰ পিছতে বাহনখনৰ পৰা নামি অহা মাধুৰীৰ প্ৰেমিকে স্থানীয় লোকৰ লগত তৰ্কত লিপ্ত হয়। ইয়াৰ পিছত তেওঁ এখন কেব বুকিং কৰি সেই স্থানৰ পৰা আঁতৰি যায়। ইফালে স্থানীয় লোকে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সূৰ্যক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।কিন্ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে, অভিযুক্তজনে জামিনত মুক্তি লাভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে মৃত ব্যক্তিজন পেছাত এগৰাকী চিত্ৰশিল্পী। তেওঁ মাত্ৰ আঠ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল।

আনহাতে সুৰা সেৱন কৰি বিলাসী বাহনেৰে দুৰ্ঘটনা সংঘটিত কৰা সাংসদ কন্যাক কঠোৰ শাস্তিৰ দাবী তুলিছে মৃতকৰ আত্মীয় আৰু স্থানীয় লোকসকলে। তেওঁলোকে আনকি স্থানীয় আৰক্ষী থানাও ঘেৰাও কৰি প্ৰতিবাদত লিপ্ত হৈছে।

আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই কথা নিশ্চিত কৰিছে যে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন সাংসদ বেদ ৰাওৰ কোম্পানীৰ। উল্লেখ্য যে, ২০২২ ত জগনমোহন ৰেড্ডীৰ দলে বেদ ৰাওক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। তাৰ পূৰ্বে তেওঁ আছিল এগৰাকী বিধায়ক।

এইগৰাকী ৰাজনৈতিক নেতা যথেষ্ট প্ৰভাৱশালী। তেওঁ ৰাজনীতিৰ উপৰিও এগৰাকী ব্যৱসায়ী। সাগৰীয় খাদ্যৰ তেওঁক এক বিশাল ব্যৱসায় আছে। তেওঁৰ কোম্পানী বি এম আৰ অতি জনপ্ৰিয়। বহুতেই অভিযোগ কৰিছে বেদ ৰাওৱে নিজৰ ৰাজনৈতিক ক্ষমতাৰে জীয়ৰীক জামিনত মুক্তি কৰি আনিছে।

মন কৰিবলগীয়া যে, যোৱা ১৯ মে’ত পুনেত এখন বিলাসী প'ৰ্শ্বে বাহেনৰে দুৰ্ঘটনা সংঘটিত কৰিছিল ১৭ বছৰীয়া এটা কিশোৰে। এই দুৰ্ঘটনাত দুই তৰুণ অভিযন্তাৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ সময়ত চালকৰ আসনত থকা কিশোৰজন আছিল সুৰাসক্ত অৱস্থাত।

কিন্তু ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভাৱত কিশোৰজন সুৰাসক্ত অৱস্থাত থকাৰ পাছতো তেজৰ পৰীক্ষাত সুৰা সেৱন কৰা নাছিল বুলি দেখুৱাইছিল। লাভ কৰিছিল জামিন। এই সমগ্ৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত কিশোৰ, কিশোৰজনৰ পিতৃ, মাতৃ আৰু ককাকক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়।

সুৰাসক্ত সাংসদ কন্যাৰ গাড়ীৰ খুন্দাত নিহত চিত্ৰশিল্পীঃ ৰাজনৈতিক প্ৰভাৱতে লাভ কৰিলে জামিন!
কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰে সুৰক্ষা বাহিনীৰ সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in