/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/59db1db0-4c8f-4d63-b34d-06f26e7ded9e/AP_FOR_WEB_g7.jpg)
যুদ্ধৰ মাজত শান্তি বাণী বিলাবলৈ জি-৭ সন্মিলনলৈ মোডীয়ে লৈ যাব মহাত্মা গান্ধীক !
ডিজিটেল ডেস্কঃ অহিংসৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ প্ৰাসংগিকতা এতিয়াও আছে। ভাৰতত ৰাজনৈতিক মুনাফাৰ বাবেই একাংশই গান্ধীক নস্যাত কৰিবলৈ পাৰ্যমানে চেষ্টা কৰি আহিছে যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গান্ধীৰ প্ৰাসংগিকতা যেন বৃদ্ধি পাইছে। তাৰেই প্ৰমাণ হিচাপে জি-২০ সন্মিলনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
অহা ১৯ মে'ৰ পৰা জাপানত আৰম্ভ হ'ব জি-৭ গোষ্ঠীৰ সন্মিলন। এই সন্মিলনতেই মহাত্মা গান্ধীৰ এক আৱক্ষমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আন্তৰ্জাতিক মঞ্চত শান্তিৰ বাৰ্তা প্ৰেৰণৰ বাবেই এইদৰে গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
আগন্তুক সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বহু কেইটা কূটনৈতিক কৰ্মসূচী আছে।জাপানৰ হিৰোচিমাৰ পৰা আৰম্ভ হ'ব এই কৰ্মসূচী। হিৰোচিমাত গান্ধীৰ প্ৰতি মূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।
সুদীৰ্ঘ প্ৰায় ৪৫০ দিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, চুদানৰ গৃহ যুদ্ধৰ মাজতে দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ জীৱন্ত প্ৰতীক হিৰোচিমাত গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এইদৰে শান্তিৰ বাণী বিলোৱাৰ এই প্ৰচেষ্টা চলোৱা হ'ব।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ জি-৭ সন্মিলনত এয়া হ'ব চতুৰ্থবাৰৰ অংশগ্ৰহণ। বিগত বছৰত জাৰ্মানীত এই সন্মিলনৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ গৈছিল। তাৰ পূৰ্বে ২০২১ ত ইংলেণ্ড, ২০১৯ ত ফ্ৰাঞ্চৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল মোডীয়ে। ২০২০ ত অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে জি-৭ ৰ সন্মিলন বাতিল কৰা হৈছিল।
Also Read: জোনমণিৰ বিৰুদ্ধে গোচৰ দিছিল কোনে?